April 17, 2025 10:08 AM

views 46

একেৰাহে তৃতীয় দিনৰ বাবে ৰবাৰ্ট ভাদ্ৰাক জেৰা বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ

বিধি বলৱৎকাৰী সঞ্চালকালয়ে হাৰিয়ানাত ভূমি ক্ৰয়ৰ সৈতে জড়িত কলা ধন বৈধকৰণৰ গোচৰৰ তদন্তৰ সংক্ৰান্তত আজি একেৰাহে তৃতীয় দিনৰ বাবে ৰবাৰ্ট ভাদ্ৰাক জেৰা কৰিব। শ্রীভাদ্ৰাক নতুন দিল্লীস্থিত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ কাৰ্যালয়ত জেৰা কৰা হ'ব। গোচৰটো, শ্ৰীভাদ্ৰাৰ কোম্পানীয়ে গুৰুগ্ৰামত ভূমি ক্রয় কৰাৰ সৈতে জড়িত।