May 17, 2024 5:16 PM

views 27

কেজৰিৱালৰ ব্যক্তিগত সহায়কগৰাকীয়ে কৰা অসৎ আচৰণৰ ঘটনাক লৈ দিল্লী আৰক্ষীৰ ওচৰত ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালৰ অভিযোগ দাখিল

আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়কগৰাকীয়ে কৰা অসৎ আচৰণ কৰাৰ ঘটনাক লৈ দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। শ্ৰীমতী মালিৱালে সামাজিক মাধ্যম যোগে কৈছে যে, তেওঁ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত জবানবন্দী দিছে। এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সাংসদগৰাকীয়ে আশাপ্ৰকাশ কৰিছে। শ্ৰীমতী মালিৱালে বিজেপিক এই ঘটনাক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে। অন্য এটা দলৰ নিৰ্দেশ মৰ্মে এনে ধৰণৰ অভিযোগ উত্থাপন কৰা বুলি মন্তব্য কৰি একাংশ লোকে ...

May 8, 2024 4:31 PM

views 32

অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰে দলটোক দুৰ্বল কৰা নাই বৰং শক্তিশালীহে কৰিছেঃ আপ

আম আদমী পাৰ্টীয়ে আজি কৈছে যে, অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰে দলটোক দুৰ্বল কৰা নাই বৰং শক্তিশালীহে কৰিছে। আপৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কৈছে যে, যদিও তেওঁলোকৰ দলৰ বহুকেইজন নেতা কাৰাবন্দী হৈ আছে তথাপি দলটোৱে লোকসভা নিৰ্বাচনৰ বাবে তীব্ৰভাৱে প্ৰচাৰ অভিযান চলাইছে। গোপাল ৰায়ে কৈছে যে, দিল্লী চৰকাৰৰ নীতিসমূহে মহিলা, বয়োজ্যেষ্ঠ, ব্যৱসায়ী আৰু শ্রমিক শ্ৰেণীৰ লোকসকলৰ লগতে দিল্লীৰ সমূহ স্তৰৰ নাগৰিকৰ প্ৰতি সুবিধা আগবঢ়াইছে। আপ, বিজেপি আৰু কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনৰ বাবে ৰ...

April 9, 2024 6:26 PM

views 30

বিভৱ কুমাৰ আৰু দুৰ্গেশ পাঠকক বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জেৰা

বিধি বলবৎকাৰী সঞ্চালকালয়ে আৱকাৰী নীতি সম্পৰ্কীয় ক'লা ধন বৈধকৰণৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহকাৰী বিভৱ কুমাৰ আৰু আম আদমী পাৰ্টীৰ বিধায়ক দুৰ্গেশ পাঠকক জেৰা কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে, ক'লা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনত তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰা হৈছে। শ্ৰীপাঠকক ২০২১-২২ চনৰ গোৱা বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টীৰ প্ৰচাৰ অভিযান সংক্রান্তত জেৰা কৰা হৈছে। ছাউথ গ্ৰুপে প্ৰদান কৰা ১০০ কোটি টকাৰ উৎকোচৰ প্ৰায় ৪৫ কোটি টকা আম আদমী পাৰ্টীয়ে গোৱা বিধান সভাৰ নিৰ্বাচনৰ ...