May 17, 2024 5:16 PM May 17, 2024 5:16 PM
12
কেজৰিৱালৰ ব্যক্তিগত সহায়কগৰাকীয়ে কৰা অসৎ আচৰণৰ ঘটনাক লৈ দিল্লী আৰক্ষীৰ ওচৰত ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালৰ অভিযোগ দাখিল
আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়কগৰাকীয়ে কৰা অসৎ আচৰণ কৰাৰ ঘটনাক লৈ দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। শ্ৰীমতী মালিৱালে সামাজিক মাধ্যম যোগে কৈছে যে, তেওঁ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত জবানবন্দী দিছে। এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সাংসদগৰাকীয়ে আশাপ্ৰকাশ কৰিছে। শ্ৰীমতী মালিৱালে বিজেপিক এই ঘটনাক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে। অন্য এটা দলৰ নিৰ্দেশ মৰ্মে এনে ধৰণৰ অভিযোগ উত্থাপন কৰা বুলি মন্তব্য কৰি একাংশ লোকে ...