May 6, 2024 1:38 PM

views 18

নির্বাচনী আচৰণ বিধি উলংঘা পৰিলক্ষিত হ’লে চি-ভিজিল এপৰ জৰিয়তে আয়োগক জনাবলৈ নিৰ্বাচন আয়োগৰ আহ্বান

♦ দেশৰ নিৰ্বাচন আয়োগে জনসাধাৰণক নির্বাচনী আচৰণ বিধি উলংঘা কৰাৰ ঘটনা পৰিলক্ষিত হ’লে চি-ভিজিল এপৰ জৰিয়তে আয়োগক জনাবলৈ আহ্বান জনাইছে। চি-ভিজিল এপ ডাউনল'ড কৰি ফটো, ভিডিঅ' আৰু অডিঅ'ৰ জৰিয়তে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ বিষয়ে আয়োগক অৱগত কৰিব পাৰি। এই বিষয়ে জিলা নির্বাচনী বিষয়াকো পোনপটীয়াকৈ অভিযোগ দিব পাৰি। অভিযোগ দাখিল কৰা ব্যক্তিৰ বিষয়ে সকলো তথ্য গোপনে ৰখা হ'ব বুলি আয়োগে প্ৰকাশ কৰিছে।

May 3, 2024 11:27 AM

views 18

তৃতীয় পৰ্যায়ত ৰাজ্যত হ’বলগীয়া নিৰ্বাচনৰ অন্তৰ্গত সমষ্টিসমূহৰ জিলাকেইখনত ভোটগ্রহণৰ দিনটো বন্ধৰ দিন হিচাপে ঘোষণা

◊ তৃতীয় পৰ্যায়ত ৰাজ্যখনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্রহণৰ দিনটোত অর্থাৎ ৭ মে’ বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্যজনিত জৰুৰী সেৱা, প্ৰয়োজনীয় তথ্যপাতি থকা পৰ্যটক আৰু অত্যৱশ্যকীয় সামগ্ৰীৰ পৰিবহন সেৱা আদি ৰেহাই দিয়া হৈছে। আনহাতে ভোটগ্ৰহণৰ দিনা ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে বুলি জিলা নির্বাচনী কোষে প্রকাশ কৰে।

May 3, 2024 11:16 AM

views 13

৭ মে’ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাথোঁ দুটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। এই পৰ্যায়ত অহা ৭ মে'ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত গুজৰাটৰ ২৫টা, কৰ্ণাটকৰ ১৪টা, মহাৰাষ্ট্ৰ ১১টা আৰু উত্তৰ প্ৰদেশৰ ১০টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। একেদৰে মধ্যপ্ৰদেশৰ ৯টা, ছট্টিশগড়ৰ ৭টা, বিহাৰৰ ৫টা, অসম আৰু পশ্চিমবংগ উভয়ৰে ৪টাকৈ আৰু গোৱা, দাদ্ৰা আৰু নগৰ হাৱেল...

May 2, 2024 11:08 AM

views 18

গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অধীনৰ কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্রস্তুতিক লৈ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ বৈঠক

◊ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে তৃতীয় পৰ্যায়ত নিৰ্বাচন হ’বলগীয়া গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অধীনৰ কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্রস্তুতিক লৈ কালি এখন বৈঠক অনুষ্ঠিত কৰে। কামৰূপৰ সংহত আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত তেওঁ নিৰ্বাচন পৰিচালনাৰ বিভিন্ন দিশসমূহৰ বিষয়ে সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে আলোচনা কৰে। এই বৈঠকত জিলাখনৰ আয়ুক্ত কীৰ্তি জল্লী, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাৰ উপৰি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকত শ্রীগোৱেলে তদাৰকী বিভাগক নির্বাচনী বিধি উলংঘাৰ যিকোনো অভ...

April 25, 2024 6:39 PM

views 15

নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীয়ে নির্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগৰ বিষয়টোত নির্বাচন আয়োগৰ গুৰুত্ব

নির্বাচন আয়োগে বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নির্বাচনী আচৰণবিধি উলংঘা কৰা বুলি উত্থাপিত অভিযোগৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। আয়োগে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কংগ্রেছ সভাপতি মল্লিকার্জুন খাৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰি ২৯ এপ্ৰিলৰ দিনৰ ১১ বজাৰ ভিতৰত বিষয়টো সন্দৰ্ভত সঁহাৰি জনাবলৈ কৈছে । আয়োগে পত্ৰখনত সকলো তাৰকা প্ৰচাৰক ৰাজনৈতিক বাগধাৰাৰ উচ্চমান বৰ্তাই ৰাখিবলৈ আৰু নির্বাচনী আচৰণবিধি ব্যৱস্থাসমূহ আখৰে আখৰে পালন কৰিবলৈ নিৰ্দেশ দিছে। কংগ্ৰেছ, চি...

April 15, 2024 7:07 PM

views 19

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বিধি বলৱৎকাৰী সংস্থাসমূহৰদ্বাৰা দেশত ৪,৬৫০ কোটি টকাতকৈ অধিক মূল্যৰ সামগ্ৰী জব্দ

লোকসভা নিৰ্বাচনৰ ৭৫ বছৰীয়া ইতিহাসত বিধি বলৱৎকাৰী সংস্থাসমূহে এইবাৰ অভিলেখ পৰিমাণৰ ধন জব্দ কৰিছে। সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে সংস্থাসমূহে যোৱা ১ মাৰ্চৰ পৰা প্ৰতিদিনে এশ কোটি টকা জব্দ কৰিছে। দেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিধি বলৱৎকাৰী সংস্থাসমূহে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে এই পর্যন্ত দেশত ৪,৬৫০ কোটি টকাতকৈ অধিক মূল্যৰ সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হৈছে। তথ্য অনুসৰি ৩৯৫ কোটিৰো অধিক ধনৰ লগতে ৪,০৮৯ কোটি টকা মূল্যৰ সুৰা জব্দ কৰা হৈছে। ইয়াৰ লগতে ৫৬২ কোটি টকা মূল্যৰ সোণ আৰু ১,১৪২ কোটি টকা মূল্যৰ...

April 12, 2024 5:12 PM

views 18

মধ্যপ্ৰদেশত এতিয়ালৈ ১০০ কোটিতকৈও অধিক টকা মূল্যৰ সামগ্ৰী তথা নগদ ধন জব্দ

মধ্যপ্রদেশত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছৰে পৰা নিৰ্বাচন আয়োগৰ দলে এমাহতকৈও কম সময়ৰ ভিতৰত ১০০ কোটিতকৈও অধিক টকা মূল্যৰ সামগ্ৰী তথা নগদ ধন জব্দ কৰিছে। ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। মুখ্য নির্বাচনী বিষয়া অনুপম ৰাজনে সদৰী কৰা অনুসৰি ৰাজ্যখনত নিৰ্বাচনী আচৰণ বিধি জাৰি হোৱাৰ পাছৰে পৰা এতিয়ালৈকে ১০৩ কোটি ৩৩ লাখ টকা মূল্যৰ বিভিন্ন সামগ্রী জব্দ হৈছে। ইয়াৰ ভিতৰত ১৩ কোটি ৭৭ লাখ নগদ ধন, ২৪ কোটি ৬৪ লাখ টকাৰ সুৰা আৰু ১৯ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী অন্যতম। ইয়াৰ সমান্তৰালকৈ চি...

April 7, 2024 6:30 PM

views 19

ভাৰতৰ নিৰ্বাচন আয়োগৰ সুবিধা প’ৰ্টেলযোগে ৭৩ হাজাৰৰো অধিক আবেদন লাভ

লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছৰে পৰা যোৱা ২০ দিনৰ ভিতৰত সুবিধা প'ৰ্টেলযোগে ৭৩ হাজাৰৰো অধিক আবেদন লাভ কৰা হৈছে বুলি ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰে। উল্লেখযোগ্য যে সুবিধা প'ৰ্টেলৰ জৰিয়তে নির্বাচনী প্ৰচাৰৰ সময়ত সমাৱেশৰ আয়োজন, ৰাজনৈতিক দলৰ অস্থায়ী কাৰ্যালয় মুকলি, ঘৰে ঘৰে প্ৰচাৰ, ভিডিঅ' ভেন, হেলিকপ্টাৰ, বাহনৰ অনুজ্ঞাপত্ৰ লাভ কৰা আৰু প্ৰচাৰ সামগ্ৰী বিতৰণ কৰাৰ অনুমতি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আয়োগে কয় যে, এই পর্যন্ত লাভ কৰা ৭৩,৩৭৯ আবেদনৰ ভিতৰত ৪৪,৬২৬ খন আবেদন গ্রহণ কৰা হৈছে। আনহাতে, প্ৰা...

April 6, 2024 12:52 PM

views 27

সামাজিক মাধ্যমযোগে প্ৰচাৰিত ১৫ লাখ ই ভি এম হেৰুওৱাৰ বাৰ্তা ভুৱা বুলি অভিহিত নিৰ্বাচন আয়োগৰ

নির্বাচন আয়োগে সামাজিক মাধ্যমযোগে ১৫ লাখ ই ভি এম হেৰুওৱাৰ প্ৰচাৰিত বাৰ্তা ভুৱা বুলি অভিহিত কৰিছে। আয়োগে সামাজিক মাধ্যমযোগে কৈছে যে এই বাৰ্তা ভুৱা আৰু বিভ্ৰান্তিকৰ। আয়োগে লগতে কোনো ই ভি এম হেৰুওৱা নাই আৰু উচ্চতম ন্যায়ালয়েও ই ভি এম হেৰুওৱা সন্দৰ্ভত দাখিল কৰা একাধিক আবেদন খাৰিজ কৰিছে বুলি উল্লেখ কৰিছে। জনসাধাৰণে বিশ্বাসযোগ্য তথ্যৰ বাবে আয়োগৰ চৰকাৰী ৱেবছাইট চাব লাগে বুলি নির্বাচন আয়োগে প্রকাশ কৰিছে।

April 5, 2024 8:08 PM

views 48

ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰত কঠোৰ নিৰ্বাচন আয়োগ

লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ আগদিনা আৰু ভোটগ্ৰহণৰ দিনা বাতৰি কাকতত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰত দেশৰ নিৰ্বাচন আয়োগ যথেষ্ট কঠোৰ হৈছে। দুয়োটা দিনত প্ৰকাশ পাবলগীয়া ৰাজনৈতিক বিজ্ঞাপনসমূহ ৰাজ্যিক অথবা জিলা পৰ্যায়ৰ এম চি এম চিৰ পৰা প্ৰাৰম্ভিক প্ৰমাণ পত্ৰ লব লাগিব বুলি নির্বাচন আয়োগে নিৰ্দেশনা জাৰি কৰিছে। নির্বাচন আয়োগৰ সচিব ৰাজেশ কুমাৰ সিঙে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকললৈ নিৰ্দেশ প্রদান কৰিছে। উল্লেখযোগ্য যে, প্রথম পর্যায়ত ১৯ এপ্ৰিলত হবলগীয়া নিৰ্বাচন...