September 6, 2024 7:09 PM

views 39

জম্মু কাশ্মীৰৰ আসন্ন বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৩১০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন

জম্মু কাশ্মীৰৰ আসন্ন বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হৈছে। এই পৰ্যায়ৰ বাবে ৩১০ গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়নপত্র দাখিল কৰিছে। কালি মনোনয়নপত্র দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰে। দ্বিতীয় পৰ্যায়ত অহা ২৫ ছেপ্তেম্বৰত জম্মু-কাশ্মীৰৰ ছখন জিলাৰ ২৬টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে ৩১০ গৰাকী প্ৰাৰ্থীয়ে মুঠ ৩২৯ খন মনোনয়নপত্ৰ দাখিল কৰিছে। জম্মু-কাশ্মীৰত তিনিটা পৰ্যায়ত বিভানসভা নির্বাচন অনুষ্ঠিত হ'ব।

September 5, 2024 6:03 PM

views 30

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন অহা ১২ ছেপ্তেম্বৰ। ১৩ তাৰিখে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ইফালে, ১৬ ছেপ্তেম্বৰৰ ভিতৰত ইচ্ছুকসকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। ৯০ খন আসনবিশিষ্ট হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে ৫ অক্টোবৰত ভোটগ্ৰহণ কৰা হ'ব। নিৰ্বাচনৰ ভোটগণনা ৮ অক্টোবৰত সম্পন্ন হ'ব।

September 5, 2024 6:02 PM

views 25

জম্মু আৰু কাশ্মীৰৰ বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা জাৰি

জম্মু আৰু কাশ্মীৰৰ বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা আজি জাৰি কৰা হৈছে। এই পৰ্যায়ৰ নিৰ্বাচনত ৪০ টা সমষ্টিত অহা ১ অক্টোবৰত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে ১২ ছেপ্তেম্বৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ১৩ ছেপ্তেম্বৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ১৭ ছেপ্তেম্বৰ হ'ব মনোনয়ন পত্র প্ৰত্যাহাৰৰ অন্তিম দিন।

August 7, 2024 7:44 PM

views 23

অসমৰ দুখন আসনসহ ৯ খন ৰাজ্যৰ ১২ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ সূচী ঘোষণা নিৰ্বাচন আয়োগৰ

নিৰ্বাচন আয়োগে অসমৰ দুখন আসনসহ ৯ খন ৰাজ্যৰ ১২ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে। অসমৰ সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা শেহতীয়া লোকসভালৈ নিৰ্বাচিত হোৱা খালী হোৱা আসন দুখনৰ বাবে নির্বাচন হ'ব। অহা ১৪ আগষ্টত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীয়ে ২১ আগষ্ট পর্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব আৰু ২২ আগষ্টত মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ আৰু ২৭ আগষ্ট ধাৰ্য কৰা হৈছে। ৩ ছেপ্তেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব।

August 1, 2024 2:48 PM

views 18

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিগত ৪ বছৰত এখন নিৰ্দিষ্ট জিলা বা স্থানীয় জিলাত তিনি বছৰতকৈ অধিক সময়ৰ বাবে কৰ্মৰত বিষয়াসকলক স্থানান্তৰ নিৰ্দেশ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিগত চাৰিটা বছৰত এখন নিৰ্দিষ্ট জিলাত নাইবা নিজৰ স্থানীয় জিলাত তিনি বছৰতকৈ অধিক সময়ৰ বাবে কৰ্মৰত বিষয়াসকলক স্থানান্তৰ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি আয়োগে মুখ্য সচিব আৰু মুখ্য নিৰ্বাচনী বিষয়াক দিয়া নির্দেশ মতে নির্বাচনৰ সৈতে প্রত্যক্ষভাৱে জড়িত থকা কোনো বিষয়াকে নিজৰ জিলা নাইবা সম্প্ৰতি কৰ্মৰত জিলাসমূহত কাম কৰাৰ অনুমতি দিব নালাগে। উচ্চতম ন্যায়ালয়ে যোৱা ১১ ডিচেম্বৰত চলিত বৰ্ষৰ ছেপ্তেম্বৰৰ ভিতৰত বিধানসভা নি...

August 1, 2024 10:01 AM

views 47

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে নিৰ্বাচন আয়োগ সাজু

■ ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে নিৰ্বাচন আয়োগ সাজু হৈছে। উপ নির্বাচন হ'বলগীয়া ঢলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিৰ খচৰা ভোটাৰ তালিকাও ইতিমধ্যে আয়োগে প্রকাশ কৰিছে। এই পাঁচোটা সমষ্টিৰে সদ্য প্ৰকাশিত খচৰা ভোটাৰ তালিকাৰ ক্ষেত্ৰত দাবী আৰু আপত্তি দাখিল কৰাৰ সময়সীমা অহা ১০ আগষ্টত উকলিব। এই সমষ্টিসমূহৰ ভোটাৰ তালিকাত নাম অন্তর্ভুক্তি নাইবা আন সংশোধনীৰ ক্ষেত্ৰত আৱেদন পত্র অনলাইন মাধ্যমেৰে সংগ্ৰহ কৰিব পৰা যাব যদিও প্ৰ-পত্ৰ অনলাইন মাধ্যমেৰে দাখিল কৰিব নোৱাৰিব। আনহাতে দাবী আৰ...

June 1, 2024 8:30 PM

views 26

১৯ এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নির্বাচনী প্ৰক্ৰিয়াৰ সামৰণি

◊লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে ১৯ এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নির্বাচনী প্ৰক্ৰিয়াৰো আজি সামৰণি পৰিল। বিগত ৪৩ দিনত দেশৰ ৫৪২টা সমষ্টিৰ ভোটদাতাসকলে অষ্টাদশ লোকসভালৈ নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰাৰ উদ্দেশ্যে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে এইবেলি দেশৰ মুঠ ৫৪৩টা সমষ্টিৰ ভিতৰত ৫৪২টাৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হৈছে। ছুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্রার্থীগৰাকী বিনা প্রতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে। সপ্তম পৰ্যায়ত আজি পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰ...

May 9, 2024 5:38 PM

views 32

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত দেশৰ ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিৰ বাবে মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। এই পৰ্যায়ৰ বাবে মুঠ ১,৫৮৬ খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল আৰু পৰীক্ষাৰ অন্তত ৭৪৯ খন মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪ খন, মহাৰাষ্ট্ৰৰ ১৩ খন, পশ্চিমবংগৰ ৭খন, বিহাৰ আৰু ওড়িশাৰ ৫ খনকৈ, ঝাৰখণ্ডৰ তিনিখন আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ এখনকৈ আসনৰ বাবে অহা ২০ মে’ত ভোটগ্ৰহণ কৰা হ’ব।

May 8, 2024 7:51 PM

views 41

১৩ মে’ত হ’বলগীয়া চতুর্থ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি বুজ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ১৩ মে’ত হ’বলগীয়া চতুর্থ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি নিৰীক্ষণৰ বাবে নিয়োগ কৰা ৩৫৪ গৰাকী নিৰীক্ষকে আজি এই পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ সবিশেষ বুজ লয়। সেই উপলক্ষে আয়োজিত বৈঠকত মুখ্য নির্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে এই নির্বাচন মুক্ত, স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে গ্রীষ্ম প্রবাহৰ প্ৰতি লক্ষ্য ৰাখি ভোটকেন্দ্ৰসমূহত প্রয়োজনীয় ব্যৱস্থা গ্ৰহণৰ উপৰি যাৱতীয় ব্যৱস্থাসমূহ সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশ দিছে।

May 7, 2024 12:46 PM

views 28

ভুৱা তথ্য ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা দলসমূহক সতৰ্ক কৰি নির্বাচন আয়োগৰ নিৰ্দেশনা

নির্বাচন আয়োগে সামাজিক মাধ্যমযোগে ভুৱা তথ্য ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা দলসমূহক সতৰ্ক কৰি এলানি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি দলসমূহে তিনি ঘণ্টাৰ ভিতৰত সামাজিক মাধ্যমৰ পৰা ভুৱা তথ্য আঁতৰাই নিদিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। আয়োগে এটা বিজ্ঞপ্তিৰ জৰিয়তে ডীপ ফেক ভিডিঅ' আৰু অডিঅ' ব্যৱহাৰ কৰি ৰাজনৈতিক দলসমূহে অপপ্ৰচাৰ চলোৱাৰ ঘটনা অতি উদ্বেগজনক বুলি উল্লেখ কৰিছে।