June 1, 2025 8:46 PM

views 14

অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শৰ্মাৰ ৰাজ্যিক নির্বাচনী আয়ুক্ত হিচাপে শপত গ্ৰহণ

অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শৰ্মাই আজি ৰাজ্যিক নির্বাচনী আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই আজি ৰাজভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্ৰীশৰ্মাক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। শ্ৰীশৰ্মাই ৬৫ বছৰ বয়স পর্যন্ত এই পদত কাৰ্যনিৰ্বাহ কৰিব পাৰিব। পূৰ্বৰ নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰৰ কাৰ্যকাল কালি উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত শ্ৰীশৰ্মাক এই পদত নিযুক্তি দিয়া হয়। উল্লেখযোগ্য যে এই পদত নিযুক্তি লাভ কৰা অৱসৰপ্ৰাপ্ত অসামৰিক সেৱাৰ বিষয়া...