June 7, 2024 11:34 AM

views 24

নির্বাচনী আচৰণ বিধি উঠাই লৈছে নির্বাচন আয়োগে

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত কালি নির্বাচন আয়োগে নির্বাচনী আচৰণ বিধি উঠাই লৈছে। যোৱা ১৬ মাৰ্চত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈছিল। অৱশ্যে কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু তেলেংগানাৰ কেইটামান সমষ্টিত হ'বলগীয়া দ্বিবার্ষিক আৰু বিধান পৰিষদৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আচৰণ বিধি এতিয়াও প্ৰযোজ্য হৈ আছে।