August 14, 2024 12:10 PM

views 12

হাৰিয়ানা আৰু জম্মু-কাশ্মীৰত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ ভাৰতীয় নির্বাচন আয়োগ সাজু

ভাৰতীয় নির্বাচন আয়োগে হাৰিয়ানা আৰু কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, কালি নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু এছ এছ সন্ধুৰ সৈতে মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে চণ্ডীগড়ৰ হাৰিয়ানাত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতিৰ বিশদ পর্যালোচনা কৰে। ৩ নৱেম্বৰত হাৰিয়ানাত ৰাজ্যিক বিধানসভাৰ কাৰ্যকাল অন্ত পৰিব আৰু ৰাজ্যখনৰ ৯০টা বিধানসভা সমষ্টিত নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছে। আয়োগৰ দুদিনীয...