May 15, 2024 11:29 AM

views 26

নির্বাচনী আচৰণ বিধি উলংঘা সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলে দাখিল কৰা ৯০ শতাংশৰো অধিক অভিযোগ নিষ্পত্তি

নির্বাচন আয়োগে নির্বাচনী আচৰণ বিধি উলংঘা সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলে দাখিল কৰা ৯০ শতাংশৰো অধিক অভিযোগ নিষ্পত্তি কৰিছে। আয়োগে এটা বিবৃতিত কয় যে, এই সময়ছোৱাত ৪২৫টা গুৰুতৰ অভিযোগ লাভ কৰিছিল। ইয়াৰ ভিতৰত ৪০০টা নিষ্পত্তি কৰাৰ লগতে প্রয়োজনীয় কার্যপন্থা গ্রহণ কৰা হৈছে। আয়োগে উল্লেখ কৰা মতে ১৭০টা অভিযোগ কংগ্ৰেছ দলে দাখিল কৰাৰ বিপৰীতে ১৫টা অভিযোগ বিজেপিয়ে আৰু ১৬০টা অভিযোগ অন্য ৰাজনৈতিক দলসমূহে দাখিল কৰিছিল। আয়োগে লগতে কয় যে, নির্বাচনী আচৰণ বিধি উলংঘা সন্দৰ্ভত কংগ্ৰেছ আৰু বিজেপিয়ে পৰস্পৰৰ বিৰ...