October 6, 2025 8:39 PM
29
অহা ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত বিহাৰৰ বিধানসভা নির্বাচন
অহা ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত বিহাৰৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ'ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব। নির্বাচন আয়োগে আজি ২৪৩জনীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ লগে লগে ৰাজ্যখনত নির্বাচনী আচৰণ বিধি বলবৎ হৈছে। নতুন দিল্লীত আজি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে ৰাজ্যখনৰ ৭ কোটি ৪৩ লাখ ভোটদাতাৰ বাবে ৯০ হাজাৰ ৭১২টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হ'ব। প্রথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে চলিত মাহৰ ১০ তাৰিখে অধিসূচনা জাৰি কৰা ...