June 2, 2026 3:38 AM

views 22

১০ খন ৰাজ্যৰ ২৪ খন ৰাজ্যসভা আসনৰ দ্বিবার্ষিক নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

১০ খন ৰাজ্যৰ ২৪ খন ৰাজ্যসভা আসনৰ দ্বিবার্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। অন্ধপ্রদেশ, গুজৰাট আৰু কৰ্ণাটকৰ ৪ খনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত ৩ খন, ঝাৰখণ্ডত দুখন আৰু মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ একোখনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ হ'বলগীয়া নেতাসকলৰ ভিতৰত প্রাক্তন প্রধানমন্ত্রী তথা জে ডি এছৰ নেতা এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰৱনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্...

December 27, 2025 8:40 PM

views 96

ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ খচৰা তালিকা প্ৰকাশ

ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ খচৰা তালিকা আজি প্ৰকাশ কৰা হয়। এই তালিকা সন্দৰ্ভত ৰাইজে অহা ২২ জানুৱাৰী পৰ্যন্ত ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। ওজৰ-আপত্তি নিষ্পত্তিৰ বাবে ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰ অনুষ্ঠিত হ'ব। ২ ফেব্ৰুৱাৰীৰ ভিতৰত এই ওজৰ-আপত্তিসমূহ নিষ্পত্তি কৰি ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হ'ব। খচৰা তালিকা অনুসৰি ভোটাৰ তালিকাৰ পাৰা ৰাজ্যৰ ৪ লাখ ৭৮ হাজাৰ ৯৯২ জন ভোটদাতাৰ নাম কৰ্তন কৰা হৈছে। বাসস্থান সলনি কৰা ৫ লাখ ২৩ হাজাৰ ৬৬০ জন ভোটদাতাক চিনাক্ত কৰাৰ লগতে কেইবাটা...

December 27, 2025 6:12 PM

views 99

ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ আজি খচৰা প্ৰকাশ কৰা হৈছে

ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ আজি খচৰা প্ৰকাশ কৰা হৈছে। এই খচৰা ভোটাৰ তালিকাৰ ভিত্তিত ৰাইজে অহা ২২ জানুৱাৰী পৰ্যন্ত ওজৰ আপত্তি দাখিল কৰিব পাৰিব। ওজৰ আপত্তি নিষ্পত্তিৰ বাবে ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰ অনুষ্ঠিত হ'ব। ২ ফেব্ৰুৱাৰীৰ ভিতৰত এই ওজৰ-আপত্তিসমূহ নিষ্পত্তি কৰি ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথে ২০২৬ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্রকাশ কৰে। আয়ুক্তগৰাকীয়ে কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলত কয়, যে যোৱা ২২ নৱেম্বৰৰ পৰা বুথ পৰ্যায়ৰ বি...

November 18, 2025 1:15 PM

views 102

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ

● নির্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত আজিৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিৰ্বাচন আয়োগে অসমৰ মুখ্য নির্বাচনী বিষয়ালৈ কালি জাৰি কৰা নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি দিন হিচাপে লৈ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী কৰা হ'ব। সেই অনুসৰি আজিৰ পৰা এই সম্পৰ্কীয় নথি পত্ৰ ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। ২২ নৱেম্বৰৰ পৰা বি এল অ' সকলে ভোটাৰৰ ঘৰে ঘৰে গৈ নথি- পত্ৰসমূহ পৰীক্ষা কৰিব। ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভ...

November 17, 2025 6:34 PM

views 86

অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী-চমুকৈ এছ আই আৰৰ বাবে নির্বাচন আয়োগৰ নিৰ্দেশনা জাৰি

নির্বাচন আয়োগে অসমতো ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী-চমুকৈ এছ আই আৰৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। আয়োগৰ নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে ধৰি এই সংশোধনী ঘটাব লাগিব। সেই অনুসৰি কাইলৈৰ পৰা এই সম্পৰ্কীয় নথি পত্ৰ ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰম্ভ হব। ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভিতৰত সমন্বিত খছৰা ভোটাৰ তালিকা প্রস্তুত কৰিব লাগিব। ২৭ ডিচেম্বৰত খছৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। এই সম্পৰ্কত থকা দাবী আৰু আপত্তিসমূহ ২ ফ্ৰেব্ৰুৱাৰীৰ ভিতৰত নিষ্...

October 7, 2025 12:00 PM

views 111

অহা ১১ নৱেম্বৰত মিজোৰামৰ ডাম্পা বিধানসভা সমষ্টিৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ’ব

● নির্বাচন আয়োগে অহা ১১ নৱেম্বৰত মিজোৰামৰ ডাম্পা বিধানসভা সমষ্টিৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। অহা ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব। নির্বাচন আয়োগে কালি সন্ধিয়া মিজোৰামৰ ডাম্পা সমষ্টিৰ লগতে আৰু আন ৭ খন ৰাজ্যৰ কেইবাটাও সমষ্টিৰ উপ-নির্বাচন তথা বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।

September 17, 2025 8:32 PM

views 54

আৰ্হি আৰু ছপাৰ ক্ষেত্ৰত থকা পূৰ্বৰ নিয়মাৱলীৰ সংশোধন নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ই ভি এম বেলট পেপাৰৰ স্পষ্টতা আৰু পঢ়াৰ সুবিধা বৃদ্ধি কৰাৰ বাবে ইয়াৰ আৰ্হি আৰু ছপাৰ ক্ষেত্ৰত থকা পূৰ্বৰ নিয়মাৱলীৰ সংশোধন কৰিছে। নির্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰা আৰু ভোটদাতাৰ সুবিধার্থে নির্বাচন আয়োগে যোৱা ছমাহত গ্ৰহণ কৰা ২৮ টা পদক্ষেপৰ অংশ হিচাপে এই সংশোধন কৰা হৈছে। এই অনুসৰি, ই ভি এম বেলট পেপাৰত প্ৰাৰ্থীৰ ৰঙীণ ফটো ছপা কৰা হ'ব আৰু ভালদৰে দেখাৰ বাবে বেলট পেপাৰৰ চাৰি ভাগৰ তিনি অংশত প্ৰাৰ্থীজনৰ ফটোখন থাকিব। পঢ়াত সুবিধা হোৱাকৈ সকলো প্ৰাৰ্থী আৰু ন'টাৰ নাম একেধৰণৰ আখৰেৰে ...

August 17, 2025 8:08 PM

views 82

দেশৰ নিৰ্বাচন আয়োগৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই সমান

■ ভাৰতৰ নিৰ্বাচন আয়োগে আজি জনাইছে যে, আয়োগৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই সমান আৰু কোনো ভেদাভেদহীনভাৱে প্ৰতিটো দলকে একেদৰে গুৰুত্ব প্ৰদান কৰে। নতুন দিল্লীত আজি বিয়লি এখন সংবাদমেল সম্বোধন কৰি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, যে আয়োগে সাংবিধানিক দায়িত্বৰ পৰা কেতিয়াও পিচ পৰি নৰয়। তেওঁ লগতে এজন ব্যক্তিয়ে দুবাৰকৈ ভোটদান কৰাৰ অভিযোগ খণ্ডন কৰি তেওঁ ইয়াৰ প্ৰমাণ বিচাৰে যদিও উপস্থিত লোকসকলৰ সকলোবোৰ নিস্তব্ধ হৈ থাকে। আয়ুক্তজনে লগতে জানিবলৈ দিয়ে, যে নির্বাচন আয়োগে কোনো বৈষম্য অবিহনে সকলো ...

May 29, 2025 9:18 PM

views 77

নির্বাচন আয়োগে আজি ৪খন ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ ৩৭৩ গৰাকী নিৰ্বাচন কৰ্মীক প্রশিক্ষণ প্ৰদান কাৰ্য আৰম্ভ কৰে

নির্বাচন আয়োগে আজি নতুন দিল্লীত ৪খন ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ ৩৭৩ গৰাকী নিৰ্বাচন কৰ্মীক প্রশিক্ষণ প্ৰদান কাৰ্য আৰম্ভ কৰে। অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, যে আইনমতে নির্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন কৰ্মীসকলক এই প্ৰশিক্ষণ দিয়াটো অতি গুৰুত্বপূৰ্ণ তেওঁ লগতে কয়, যে এই প্ৰশিক্ষণৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে নির্বাচন সংক্রান্তীয় বহু বিষয় সন্দৰ্ভত অৱগত হ'ব পাৰিব। অংশগ্ৰহণকাৰীসকলক ভোটাৰৰ পঞ্জীকৰণ তথা অন্যান্য আনুসংগিক বিষয়ৰ লগতে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে...

April 13, 2025 12:13 PM

views 35

বুথ পৰ্যায়ৰ বিষয়া বি এল অ’ সকলক পঞ্চায়ত নিৰ্বাচনত পুলিং বিষয়া হিচাপে নিয়োজিত নকৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ

ৰাজ্যিক নির্বাচন আয়োগে বুথ পৰ্যায়ৰ বিষয়া বি এল অ' সকলক পঞ্চায়ত নিৰ্বাচনত পুলিং বিষয়া হিচাপে নিয়োজিত নকৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিছে। ৰাজ্যিক নির্বাচন আয়োগৰ সচিবে এই সন্দৰ্ভত পঞ্চায়ত নির্বাচন হ'বলগীয়া ২৭ খন জিলাৰ আয়ুক্তলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে। জিলা আয়ুক্তসকলক ভোট গ্রহণব দায়িত্বত নিয়োজিত কৰিবলগীয়া বিষয়াৰ তালিকা প্রস্তুত কৰাৰ বাবে ই-নির্বাচন এপৰ জৰিয়তে গ্রহণ কৰা সমিলমিল প্ৰক্ৰিয়াত বি এল অসকলক অন্তর্ভুক্ত নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পত্ৰখনত আয়োগে বি এল অ'সকলক অন্য কেত...