October 19, 2024 8:17 PM

views 11

ঝাৰখণ্ডৰ কাৰ্যবাহী আৰক্ষী সঞ্চালকপ্রধান অনুৰাগ গুপ্তাক অপসাৰণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

নির্বাচন আয়োগে ঝাৰখণ্ড চৰকাৰক ৰাজ্যখনৰ কাৰ্যবাহী আৰক্ষী সঞ্চালকপ্রধান অনুৰাগ গুপ্তাক ততালিকে কাৰ্যকৰী হোৱাকৈ পদৰ পৰা অপসাৰণ কৰিবলৈ নিৰ্দেশ দিছে। আয়োগে ৰাজ্য চৰকাৰক গুপ্তাৰ কাৰ্যভাৰ সঞ্চালকপ্রধান পৰ্যায়ৰ জ্যেষ্ঠতম বিষয়াক অৰ্পণ কৰিবলৈ কৈছে। ৰাজ্য চৰকাৰক লগতে আজি সন্ধিয়া সাত বজাৰ ভিতৰত এই নিৰ্দেশ পালনৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি ঝাৰখণ্ড চৰকাৰক সোমবাৰে পুৱা ১০ বজাৰ ভিতৰত ৰাজ্যখনত নিয়োজিত ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়াসকলৰ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। নির্বাচন ...