December 18, 2024 9:02 PM

views 9

নতুন দিল্লীত সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কত আলোচনা

নির্বাচন আয়োগে আজি নতুন দিল্লীত সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰে। মুখ্য নির্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত নির্বাচন আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ আৰু ড° সুখবীৰ সিং সান্ধু আৰু আইন বলবৎকাৰী সংস্থাসমূহে অংশগ্ৰহণ কৰে। ইয়াৰ আগতে নির্বাচন আয়োগে আজি এই সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হয়।