December 1, 2025 6:54 PM

views 10

ইষ্ট-ৱেষ্ট কৰিড’ৰৰ ডিমা হাচাও জিলাৰ অংশ জানুৱাৰীত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা

প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে ১৯৯৮ চনত দেশৰ পূব আৰু পশ্চিম প্রান্তত সকলো বতৰ উপযোগী উন্নত ঘাইপথেৰে সংযোগ কৰাৰ বাবে শিলচৰৰ পৰা গুজৰাটৰ সৌৰাষ্টলৈ ইষ্ট-ৱেষ্ট কৰিড'ৰৰ নিৰ্মাণৰ বিষয়ে ঘোষণা কৰিছিল। কিন্তু প্রায় ৩ হাজাৰ ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সেই ঘাইপথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নুঠিল। অসমৰ ডিমা হাছাও জিলাৰ হাৰাংগাজাওৰ সমীপত এই নিৰ্মাণ কাৰ্য স্থবিৰ হৈ ৰ'ল। শেহতীয়াকৈ ইষ্ট-ৱেষ্ট কৰিড'ৰৰ এই অংশ নিৰ্মাণ কাৰ্য অহা মাহত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ উঠিছে।