March 6, 2025 11:08 AM March 6, 2025 11:08 AM
14
অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ৪ টাকৈ ভূমিকম্পৰ জোকাৰণি
■ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যক কালি ৪ টাকৈ ভূমিকম্পই জোকাৰি যায়। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে কালি দিনৰ ১১ বাজি ৬ মিনিটত প্ৰথমটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ১০ ছেকেণ্ডৰ বাবে হোৱা এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্রাবল্য আছিল ৫.৭। ভূমিকম্পটোৰ অভিকেন্দ্ৰ মণিপুৰৰ কামজং জিলাৰ উত্তৰ-পূব দিশৰ ১১০ কিলোমিটাৰ গভীৰতাত বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূকম্পন বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰে। দুপৰীয়া ১২ বাজি ২০ মিনিটত অহা দ্বিতীয়টো ভূমিকম্পৰ অভিকেন্দ্ৰ মণিপুৰৰ কামজং জিলা...