September 14, 2025 7:24 PM

views 30

ৰাজ্যত ৫.৯ প্রাবল্যৰ ভূমিকম্পৰ জোঁকাৰণি অনুভূত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিয়লি ৪ বাজি ৪১ মিনিটত ভূমিকম্পৰ প্ৰৱল জোঁকাৰণি অনুভূত হয়। ৰিখটাৰ স্কেলত ৫.৯ প্রাবল্যৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকীয়াজুলিৰ সমীপত বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত দেৱালত ফাঁট মেলা, ছিলিং খহি পৰাকে ধৰি বিস্তৰ ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে। পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী লংজাঁপ বজাৰত ভূমিকম্পৰ ফলত এখন দোকান ভাঙি পৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। ভূমিকম্পৰ জোঁকাৰণি মেঘালয় আৰু মণিপুৰতো অনুভূত হয় ৷

March 6, 2025 11:08 AM

views 24

অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ৪ টাকৈ ভূমিকম্পৰ জোকাৰণি

■ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যক কালি ৪ টাকৈ ভূমিকম্পই জোকাৰি যায়। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে কালি দিনৰ ১১ বাজি ৬ মিনিটত প্ৰথমটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ১০ ছেকেণ্ডৰ বাবে হোৱা এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্রাবল্য আছিল ৫.৭। ভূমিকম্পটোৰ অভিকেন্দ্ৰ মণিপুৰৰ কামজং জিলাৰ উত্তৰ-পূব দিশৰ ১১০ কিলোমিটাৰ গভীৰতাত বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূকম্পন বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰে। দুপৰীয়া ১২ বাজি ২০ মিনিটত অহা দ্বিতীয়টো ভূমিকম্পৰ অভিকেন্দ্ৰ মণিপুৰৰ কামজং জিলা...

October 13, 2024 12:19 PM

views 31

ৰাজ্যত পুৱা ৭.৪৮ বজাত মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত

ৰাজ্যত আজি পুৱা ৭ বাজি ৪৮ মিনিটত মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। অনুভূত হোৱা এই ভূমিকম্পৰ প্রাবল্য বিখটার স্কেলত ৪ দশমিক ৬। এই ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকীয়াজুলিৰ পৰা ১৩ কিলোমিটাৰ নিলগত।