December 12, 2024 11:59 AM

views 13

নতুন দিল্লীত আজি ইউ এ ইৰ উপ-প্রধানমন্ত্রী শ্বেইখ আব্দুলা বিন জায়েদ অল নাহয়ানৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ কৌশলগত আলোচনাত মিলিত হ’ব

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি নতুন দিল্লীত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ (ইউ এ ই)ৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী শ্বেইখ আব্দুলা বিন জায়েদ অল নাহয়ানৰ সৈতে কৌশলগত আলোচনাত মিলিত হ'ব। অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে বিয়লিৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। শ্রীনাহয়ান ভাৰত-ইউ এ ই যুটীয়া আয়োগৰ পঞ্চদশ বৈঠক আৰু চতুৰ্থ কৌশলগত আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কালি নতুন দিল্লীত উপস্থিত হয়। ইউ এ ইৰ নেতাগৰাকীক আদৰণি জনাই বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে সামাজিক মা...