June 11, 2025 9:22 AM
12
এখন উচ্চাকাংক্ষী আৰু সন্তুলিত ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ প্ৰতি ভাৰতৰ সমৰ্থনঃ ড০ এছ জয়শংকৰ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে চলিত বৰ্ষৰ শেষলৈ এখন উচ্চাকাংক্ষী আৰু সন্তুলিত ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা ব্যক্ত কৰিছে। বৈদেশিক পৰিক্ৰমা আৰু নিৰাপত্তা নীতিৰ ইউৰোপীয় সংঘৰ উচ্চবৰ্গৰ প্ৰতিনিধি কাজা কাল্লাছৰ সৈতে কালি এখন যুটীয়া সংবাদমেলত ড০ জয়শংকৰে ভাৰত আৰু ইউৰোপীয় সংঘক দুটা গুৰুত্বপূৰ্ণ শক্তি বুলি উল্লেখ কৰে। ইয়াৰ পূৰ্বে দুয়োগৰাকী নেতাই ব্ৰুছেলছত প্ৰতিৰক্ষা আৰু সুৰক্ষা, সামুদ্ৰিক নিৰাপত্তা, চাইবাৰ আৰু মহাকাশকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচন...