December 31, 2025 1:26 PM

views 15

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী খালেদা জিয়াৰ জানাজা কাৰ্যসূচীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে অংশগ্ৰহণ কৰিব

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ঢাকাত বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী তথা বি এন পিৰ মুখপাত্র খালেদা জিয়াৰ জানাজা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই জানাজাত ড০ জয়শংকৰে ভাৰত চৰকাৰ আৰু ভাৰতৰ জনসাধাৰণক প্রতিনিধিত্ব কৰিব।  বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী খালেদা জিয়াৰ কালি ঢাকাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। ঢাকাৰ জাতীয় সংসদ ভৱন আৰু মাণিক মিয়া এভিনিউৰ ছাউথ প্লাজাত বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীক জানাজা সম্পন্ন কৰা হ'ব। এই জানাজাত দক্ষিণ আৰু দক্ষিণ পূব ...