February 26, 2025 11:50 AM

views 38

ভাৰত-ম্যানমাৰ-থাইলেণ্ড সংযোগী ত্রিদেশী ঘাইপথে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিৰ ক্ষেত্ৰত নির্ণায়ক পৰিৱৰ্তনৰ সূচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ প্ৰকাশ

ভাৰত-ম্যানমাৰ-থাইলেণ্ড সংযোগী ত্রিদেশী ঘাইপথে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিৰ ক্ষেত্ৰত নির্ণায়ক পৰিৱৰ্তনৰ সূচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ কালি প্ৰথম দিনা এক্ট ইষ্ট, এক্ট ফাষ্ট এণ্ড এক্ট ফার্ষ্ট শীর্ষক আলোচনা সত্ৰত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয়, যে বিভিন্ন কাৰণত এই ত্রিদেশীয় ঘাইপথ নিৰ্মাণ স্থবিৰ হৈ আছে যদিও বাস্তৱসন্মত সমাধান উলিয়াই এই প্ৰকল্পটো আগুৱাই লৈ যাব লাগিব। একেদৰে ভূটানৰ গেলেফুত মাইণ্ডফুলনেচ চিটী নিৰ্মাণ হৈ...

February 23, 2025 11:17 AM

views 36

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণক সফল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ প্ৰকাশ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চলিত মাহৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণক সফল বুলি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ মাজত সু-সম্পর্ক থকা বুলি ড০ জয়শংকৰে প্ৰকাশ কৰে। চৰকাৰী ভ্ৰমণসূচীৰে যোৱা ১২ আৰু ১৩ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোৱা শ্ৰী মোদীয়ে এই ভ্রমণকালত দুয়োগৰাকী নেতাই বিভিন্ন দ্বিপাক্ষিক বিষয় লৈ আলোচনা কৰে। নিজ নিজ দেশক লৈ দুয়োগৰাকী নেতাৰে নিজস্ব দৃষ্টিভংগী থকাৰ লগতে উভয় দেশে একেলগে কাম কৰি যাব বুলিও ড০ জয়শ...

February 23, 2025 11:14 AM

views 36

সমাগত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাগ লোৱাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত  গুৱাহাটীত উপস্থিত হব বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তৰ প্রতিনিধি দল

সমাগত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাগ লোৱাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তৰ এটা প্রতিনিধি দল আজি গুৱাহাটীত উপস্থিত হোৱাৰ কথা। জাপান, দক্ষিণ কোৰিয়া, থাইলেণ্ড ছিংগাপুৰ, অস্ট্রেলিয়া, জার্মানী, ইটালী, ভূটানকে ধৰি ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধি দলটো আজি বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হ'ব। দলটোৱে বিনিয়োগ সন্মিলনত অংশ লোৱাৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব। ইপিনে এই সন্মিলন সর্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তুলিবলৈ মুখ্যমন...

February 16, 2025 9:01 PM

views 26

অমানত অনুষ্ঠিত অষ্টম ভাৰতীয় সাগৰ সন্মিলনত বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি অমানৰ ৰাজধানী মাস্কটত অষ্টম ভাৰতীয় সাগৰ সন্মিলনত অংশগ্ৰহণ কৰি কয়, যে সমগ্ৰ বিশ্ব পৰিৱৰ্তনৰ ঢৌৰ মাজেৰে অগ্ৰসৰ হৈ থকাৰ মাজতে এই সন্মিলন অনুষ্ঠিত হৈছে। তেওঁ কয়, যে আন্তর্জাতিক ব্যৱস্থাসমূহত দেখা দিয়া পৰিৱৰ্তনক নতুন বিচাৰধাৰা তথা সিদ্ধান্তৰ উপৰি বিশ্বৰ সন্মুখত আহি পৰা পৰিস্থিতিৰ দৃষ্টিভংগীৰেও বুজিব পাৰি। তেওঁ কয়, যে ভাৰতীয় সমুদ্ৰ ক্ষেত্ৰ এই নীতিৰ পৰা পৃথক নহয়। এই সন্মিলনৰ জৰিয়তে অংশীদাৰীসকলৰ মাজত একতাৰ সৃষ্টি হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে। ভাৰত-পশ্চিম এছিয়া ই...

February 3, 2025 8:32 PM

views 29

ৰাহুল গান্ধীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ বিষয়ে ইচ্ছাকৃতভাৱে মিথ্যাৰ আশ্ৰয় লোৱা বুলি বৈদেশিক মন্ত্ৰীৰ অভিযোগ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে বিগত বৰ্ষৰ ডিচেম্বৰত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ বিষয়ে ইচ্ছাকৃতভাৱে মিথ্যাৰ আশ্ৰয় লোৱা বুলি অভিযোগ তোলে। সামাজিক বিষয়টো আলোচনা হোৱা নাছিল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনে ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ নকৰাটো সৰ্বজন বিদিত বুলি তেওঁ উল্লেখ কৰে । ৰাহুল গান্ধীয়ে ৰাজনৈতিক কাৰণত মিথ্যাৰ আশ্ৰয় ললেও আন্তর্জাতিক পর্যায়ত ইয়াৰ জৰিয়তে দেশৰ সন্মানত আঘাত লগা বুলি তেওঁ মত প্ৰকাশ কৰে।

January 14, 2025 2:18 PM

views 46

ভাৰতৰ বিশ্বব্যাপী গুৰুত্ব বৃদ্ধি পোৱাৰ লগতে বিশ্বৰ বহুধা বিভক্ত শক্তিসমূহক সঠিক দিশ নিৰ্দেশ কৰাৰ সামর্থ্য আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ প্ৰকাশ

ভাৰতৰ বিশ্বব্যাপী গুৰুত্ব বৃদ্ধি পোৱাৰ লগতে প্ৰত্যাহ্বানমূলক সময়ত অর্থপূর্ণ সহযোগিতা প্রদান আৰু বিশ্বৰ মেৰুকৃত শক্তিসমূহক সঠিক দিশ নিৰ্দেশ কৰাৰ অনন্য ক্ষমতা আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। স্পেইনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি দিয়া ভাষণত তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ "সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস"ৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে সাম্প্রতিক সময়ত অতি কম সংখ্যক ৰাষ্ট্ৰই ৰাছিয়া আৰু ইউক্রেইন উভয়ৰে সৈতে, নাইবা ইজৰা...