October 15, 2024 11:13 AM October 15, 2024 11:13 AM
4
চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণৰ বাবে আজি ইছলামবাদলৈ যাব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে চাংহাই সহযোগিতা সংস্থা (Sco)ৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে দুদিনীয়া ভ্রমণসূচীৰে আজি ইছলামবাদলৈ ৰাওনা হ'ব৷ ভ্ৰমণৰ পূৰ্বে বিদেশ পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে বহুপক্ষীয় আলোচনাৰ বাবেহে তেওঁ পাকিস্তান ভ্ৰমণ কৰিব আৰু ইয়াৰ পূৰ্বে পাকিস্তানৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’বলৈ তেঁও অমান্তি হৈছিল। বিগত ৯ বছৰৰ ভিতৰত চুবুৰীয়া ৰাষ্ট্ৰখনলৈ কোনো এজন ভাৰতীয় বিদেশ পৰিক্ৰমা মন্ত্ৰীৰ এয়া হ'ব প্ৰথমটো উচ্চ পৰ্যায়ৰ ভ্ৰমণ। চাংহাই সহযোগিতা সংস্থা এটা স্থায়ী আন্তঃৰাষ্ট...