November 16, 2025 7:20 PM November 16, 2025 7:20 PM

views 22

বাহৰেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্রীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰৰ বাৰ্তালাপ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে বাহৰেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ আব্দুল্লাতিফ বিন ৰছিদ আলজায়ানীৰ সৈতে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত ড০ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই টেলিফোনিক বাৰ্তালাপৰ সময়ত ভাৰত আৰু বাহৰেইনৰ মাজৰ দীর্ঘদিনীয়া আৰু বহুমুখী অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে। তেওঁ লগতে কয় যে সাম্প্রতিক আঞ্চলিক আৰু আন্তর্জাতিক পৰিস্থিতিৰ বিষয়তো তেওঁলোকে মত বিনিময় কৰে।