January 19, 2026 7:59 PM

views 2

পোলেণ্ডৰ উপ প্রধানমন্ত্ৰী ৰেডশ ছিকৰস্কিৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক অনুষ্ঠিত

পোলেণ্ডৰ উপ প্রধানমন্ত্ৰী ৰেডশ ছিকৰস্কিৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ আজি নতুন দিল্লীত বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰত আৰু পোলেণ্ডৰ মাজত কৌশলগত অংশীদাৰিত্ব বৃদ্ধি কৰাৰ বিষয়ে গুৰুত লাভ কৰে। বৈঠকৰ পাছত পোলেণ্ডৰ উপ প্রধানমন্ত্ৰীগৰাকীৰ সৈতে যুটীয়াকৈ সম্বোধন কৰা এখন সংবাদমেলত ৬০ জয়শংকৰে কয়, যে ভাৰতে ঐতিহাসিকভাৱে পোলেণ্ডৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে। শেহতীয়াকৈ দেশখনৰ সৈতে উচ্চ পৰ্যায়ৰ ৰাজনৈতিক বিনিময় তথা অর্থনৈতিক সহযোগিতাপূর্ণ সম্পর্ক স্থাপন হৈছে। আজি বৈঠকত ভাৰত আৰু পোল...

January 15, 2026 10:21 AM

views 13

জাপানৰ বিদেশ মন্ত্রী ট’ম্বিমিটধু ম’টেগিৰ তিনিদিনীয়া ভাৰত ভ্ৰমণসূচী

জাপানৰ বিদেশ মন্ত্রী ট'ম্বিমিটধু ম'টেগি তিনিদিনীয়া ভাৰত ভ্ৰমণসূচী লৈ কাইলৈ নতুন দিল্লীত উপস্থিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি শুকুৰবাৰে তেওঁ হায়দৰাবাদ হাউছত বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰিব। শনিবাৰে তেওঁ ৰাজঘাটলৈ গৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু পাছত দিল্লী মেট' পৰিদৰ্শন কৰিব। চলিত বৰ্ষৰ আৰম্ভণিতে দক্ষিণ আফ্রিকাত অনুষ্ঠিত জি-২০ নেতা সম্মিলনৰ সময়ত জোহান্সবার্গত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বানাই টাকাইচি বৈঠকত মিলিত হৈছিল। দুয়োগৰাকী নেতা...

December 7, 2025 11:27 AM

views 19

ভাৰতৰ ভূ-ৰাজনীতি ক্ষেত্ৰত বিকল্পৰ স্বতন্ত্ৰতা আৰু সুকীয়া বিদেশ নীতি তথা প্ৰতিৰক্ষা সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ আছেঃ ড° এছ জয়শংকৰ

ভাৰতে আন দেশৰ সৈতে কিদৰে সম্পৰ্ক গঢ়ি তোলে সেই ক্ষেত্ৰত আন দেশৰ হাত নাই বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে স্পষ্ট কৰিছে। নতুন দিল্লীত কালি এটা অনুষ্ঠানত ভাষণ দি ড° জয়শংকৰে কয় যে, ভাৰতৰ ভূ-ৰাজনীতি ক্ষেত্ৰত বিকল্পৰ স্বতন্ত্ৰতা আৰু সুকীয়া বিদেশ নীতি তথা প্ৰতিৰক্ষা সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ আছে। তেওঁ লগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ সদ্যসমাপ্ত ভ্রমণে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কত নেতিবাচক সম্পৰ্কৰ প্ৰভাৱ পেলাব আৰু তেওঁলোকৰ সৈতে সম্ভাব্য মুক্ত বাণিজ্য চুক্তিত বাধাৰ ...

December 3, 2025 12:35 PM

views 12

ভাৰতে শ্ৰীলংকাৰ বান সাহায্যৰ প্ৰচেষ্টালৈ সমৰ্থন অব্যাহত ৰাখিছেঃ ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কয়, যে ৭০ জনৰো অধিক চিকিৎসা আৰু সহায়ক কৰ্মী, আৰু অত্যাৱশ্যকীয় বাহনৰ সৈতে এখন স্বয়ংসম্পূৰ্ণ মডিউলাৰ ফিল্ড হস্পিতাল কঢ়িয়াই নিয়া ভাৰতীয় বায়ুসেনাৰ C-17 শ্ৰেণীৰ পৰিবহণ বিমান কালি কলম্বোত অৱতৰণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড° জয়শংকৰে উল্লেখ কৰে যে ভাৰতে শ্ৰীলংকাৰ বান সাহায্যৰ প্ৰচেষ্টালৈ সমৰ্থন অব্যাহত ৰাখিছে। ইফালে ভাৰতীয় বায়ুসেনাৰ Mi-17 হেলিকপ্টাৰে ৮ টনৰো অধিক সাহায্য সামগ্রী বিমানযোগে লৈ যোৱাৰ লগতে বিদেশী নাগৰিক, সংকটজনক অৱস্থাত থকা ৰোগী আৰু এ...

October 7, 2025 4:03 PM

views 30

কৃত্রিম বুদ্ধিমত্তাক কাৰ্যকৰী কৰাৰ বাবে আস্থা আৰু সুৰক্ষাক অপৰিহাৰ্য বুলি অভিহিত ড° এছ জয়শংকৰৰ

■ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে দায়ৱদ্ধ কৃত্রিম বুদ্ধিমত্তাক কাৰ্যকৰী কৰাৰ বাবে আস্থা আৰু সুৰক্ষাক অপৰিহাৰ্য বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত ‘ভাৰতৰ আস্থা আৰু সুৰক্ষা মহোৎসৱ’ত অংশগ্ৰহণ কৰি ড° জয়শংকৰে কয়, যে আহিবলগীয়া দিনবোৰত কৃত্রিম বুদ্ধিমত্তাই অৰ্থনীতিৰ সংস্কাৰ সাধন কৰাৰ লগতে কামৰ অভ্যাসৰ পৰিৱৰ্তন সাধন কৰিব, স্বাস্থ্যখণ্ডৰ সমস্যা সমাধানৰ ন ন পথ উদ্ভাৱন কৰিব আৰু শিক্ষাক অধিক পৰিমাণে প্ৰসাৰিত কৰিব। জীৱনধাৰাৰ সৈতে কৃত্রিম বুদ্ধিমত্তাৰ অন্তৰ্ভুক্তিয়ে বিশ্বৰ সকলো অ...

June 8, 2025 8:23 PM

views 20

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ  সপ্তাহযোৰা ভ্ৰমণসূচীৰে ফ্ৰান্স, ইউৰোপীয় সংঘ আৰু বেলজিয়ামলৈ ৰাওনা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি সপ্তাহযোৰা ভ্ৰমণসূচীৰে ফ্ৰান্স, ইউৰোপীয় সংঘ আৰু বেলজিয়ামলৈ ৰাওনা হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত বৈদেশিক মন্ত্ৰীগৰাকীয়ে ফ্ৰান্সৰ পেৰিছত দেশখনৰ বিদেশ মন্ত্ৰী জ্যান নৱেল বেৰোটৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। শ্ৰীজয়শংকৰে দেশখনৰ আন আন জ্যেষ্ঠ নেতাৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে বুদ্ধিজীৱি আৰু সংবাদ মাধ্যমৰ সৈতেও মত বিনিময় কৰিব। ইউৰোপ ভ্ৰমণৰ সময়ছোৱাত শ্ৰীজয়শংকৰে ইউৰোপীয় সংঘৰ শীৰ্ষ প্ৰতিনিধি আৰু উপৰাষ্ট্ৰপতি কাজাকাল্লাচৰ সৈতে কূটনৈতিক আলোচনাত মিলিত হ'ব। মন...

April 27, 2025 11:33 AM

views 9

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু ইজিপ্তৰ বিদেশ মন্ত্ৰী ড০ বদৰ আবদেলাট্টিৰ মাজত সন্ত্ৰাসবাদ সম্পৰ্কে টেলিফোনিক বাৰ্তালাপ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ইজিপ্তৰ বিদেশ মন্ত্ৰী ড০ বদৰ আবদেলাট্টিৰ সৈতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়তাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমযোগে ড০ জয়শংকৰে ইজিপ্তৰ বিদেশ মন্ত্ৰীগৰাকীয়ে তেওঁৰ সৈতে ফোন যোগে কথা পতাৰ বিষয়ে উল্লেখ কৰি পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত ভাৰতক জনোৱা সমর্থনৰ বাবে ধন্যবাদ জনায়।

April 16, 2025 12:00 PM

views 12

দেশৰ উত্তৰ-পূব খণ্ড চুবুৰীয়া প্ৰথম নীতি, এক্ট ইষ্ট নীতি আৰু বিমস্টেকৰ দৰে ভাৰতৰ গুৰুত্বপূৰ্ণ নীতিসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণঃ ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে দেশৰ উত্তৰ-পূব খণ্ড চুবুৰীয়া প্ৰথম নীতি, এক্ট ইষ্ট নীতি আৰু বিমস্টেকৰ দৰে ভাৰতৰ গুৰুত্বপূৰ্ণ নীতিসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু সময়ৰ লগে লগে এই খণ্ডৰ প্ৰাসঙ্গিকতা বৃদ্ধি পাব। ড'নাৰ মন্ত্ৰালয়ে আয়োজন কৰা সমাগত উত্তৰ-পূব বিনিয়োগ সন্মিলন সন্দৰ্ভত প্রতিনিধিসকলৰ এখন বৈঠকত অংশগ্ৰহণ কৰি ড০ জয়শংকৰে এই কথা প্ৰকাশ কৰে। তেওঁ বিদেশী বিনিয়োগকাৰীসকলক উত্তৰ-পূব খণ্ডৰ বিভিন্ন সুযোগ আৰু সম্ভাৱনীয়তাসমূহৰ অন্বেষণ কৰি তেওঁলোকৰ চৰকাৰ তথা উদ্যোগসমূহৰ জৰিয়তে ইয়া...

March 23, 2025 8:05 PM

views 11

দক্ষিণ আফ্ৰিকাৰ ফিনিক্স ছেটেলমেন্ট ট্রাষ্ট গান্ধী ডেভেলপমেন্ট ট্রাষ্টে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়ক মহাত্মা গান্ধীৰ সৈতে জড়িত হস্তনির্মিত সামগ্রী তথা বিভিন্ন নথি অৰ্পন

দক্ষিণ আফ্ৰিকাৰ ফিনিক্স ছেটেলমেন্ট ট্রাষ্ট গান্ধী ডেভেলপমেন্ট ট্রাষ্টে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়ক মহাত্মা গান্ধীৰ সৈতে জড়িত হস্তনির্মিত সামগ্রী তথা বিভিন্ন নথি অৰ্পন কৰাৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ উপস্থিত থাকে। ড০ জয়শংকৰে এটা বাৰ্তাৰ জৰিয়তে কয়, যে মহাত্মা গান্ধীৰ জীৱন আৰু আদৰ্শই ভৱিষ্যত প্রজন্মসমূহকো অনুপ্রাণিত কৰি ৰাখিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি মহাত্মা গান্ধীয়ে নিজ হাতে বোৱা কাপোৰকে ধৰি বিভিন্ন সামগ্ৰী ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়ক হস্তান্তৰ কৰা হৈছে...

March 23, 2025 6:23 PM

views 19

ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিৰ দেশ হিচাপে শক্তি সম্পৰ্কৰ বিকাশৰ প্রয়োজনীয়তা আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ মত পোষণ

ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিৰ দেশ হিচাপে শক্তি সম্পৰ্কৰ বিকাশৰ প্রয়োজনীয়তা আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে মত পোষণ কৰে। কালি সন্ধিয়া মুম্বাইত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ড০ জয়শংকৰে কয় যে দশক দশক ধৰি বিশ্বায়নৰ সুফলৰ বিষয়ে শুনি থকাৰ পাছত আজি বিশ্বই উদ্যোগিক নীতি ৰপ্তানি নিয়ন্ত্ৰণ আৰু শুষ্ক যুদ্ধৰ বাস্তৱতাৰ সৈতে যুঁজ দিছে। ড০ জয়শংকৰে কয় যে আহিবলগীয়া দশকটোত শক্তি সুৰক্ষা সুনিশ্চিত কৰাটো ভাৰতৰ কূটনীতিৰ মুখ্য উদ্দেশ্য হোৱা উচিত। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে ...