March 9, 2025 11:29 AM

views 30

শ্ৰমিকসকলক ই-শ্রম প’ৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ আহ্বান

শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ে বিভিন্ন সংস্থাত কাম কৰা শ্ৰমিকসকলক আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ উপকাৰ লাভ কৰাৰ বাবে ই-শ্রম প'ৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ ৩১ হাজাৰৰো অধিক তালিকাভুক্ত ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ বাবে প্ৰতিটো পৰিয়ালক বছৰি ৫ লাখ টকাৰ স্বাস্থ্য বীমা প্ৰদান কৰা হ'ব । দেশৰ অৰ্থব্যৱস্থাৰ অস্থায়ী-স্বনিয়োজিত শ্ৰমিক আৰু অনলাইন মঞ্চৰ হৈ কাম কৰা ব্যক্তিসকলৰ অৱদানৰ কথা স্বীক...

October 20, 2024 8:13 PM

views 45

শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই সোমবাৰে নতুন দিল্লীত অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ সূচলতাৰ বাবে ই-শ্ৰম পোৰ্টেল মুকলি কৰিব

শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কাইলৈ নতুন দিল্লীত অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ সূচলতাৰ বাবে ই-শ্ৰম পোৰ্টেল মুকলি কৰিব। এই মঞ্চৰ জৰিয়তে অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলে বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সহজে লাভ কৰিব। এই পদক্ষেপৰ প্ৰাথমিক লক্ষ্য হৈছে - একক মঞ্চৰ জৰিয়তে সক্রিয়ভাৱে অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ বাবে থকা সকলো সামাজিক সুৰক্ষা তথা কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীৰ বিষয়ে তথ্য যুগুত কৰা। এই পদক্ষেপে অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলক তেওঁলোকৰ বাবে থকা আঁচনিসমূহ সন্দৰ্ভত সজাগ কৰি তুলিব ।