March 11, 2025 1:06 PM
8
ই-শ্ৰম প’ৰ্টেলত ৩০ কোটিৰও অধিক অসংগঠিত শ্রমিকে পঞ্জীয়ন কৰা বুলি কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশ
কেন্দ্ৰীয় চৰকাৰে ই-শ্ৰম প'ৰ্টেলত ৩০ কোটি ৬৮ লাখৰো অধিক অসংগঠিত শ্রমিকে পঞ্জীয়ন কৰা বুলি প্ৰকাশ কৰিছে। দেশৰ অংসঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলৰ এটা সামগ্রিক তথ্যকোষ প্রণয়নৰ বাবে ২০২১ চনত এই প'ৰ্টেলটো মুকলি কৰা হৈছিল। কালি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় শ্রম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী সুশ্ৰী শোভা কাৰান্দলাজেই এই তথ্য প্ৰকাশ কৰি কয়, যে পঞ্জীয়নভুক্ত শ্ৰমিকসকলৰ ভিতৰত ৫৩ শতাংশতকৈ অধিক মহিলা শ্রমিক। কেইবাটাও কেন্দ্রীয় মন্ত্ৰালয় আৰু দপ্তৰৰ ১৩ খনকৈ আঁচনি ই –শ্রম পোৰ্টেলৰ সৈতে সংযোজিত হৈ থক...