December 26, 2024 8:14 PM

views 30

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অনলাইন আৰু অফলাইন মাধ্যমেৰে খাজনা পৰিশোধৰ ব্যৱস্থা

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ভূমি-ৰাজহ সংগ্ৰহ ব্যৱস্থা অধিক স্বচ্ছ, কাৰ্যকৰী আৰু সুগম কৰাৰ লক্ষ্যৰে অনলাইন আৰু অফলাইন মাধ্যমেৰে খাজনা পৰিশোধৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি পট্টাদাৰসকলে অনলাইন ই-খাজনাৰ যোগে বা অফলাইন মৌজাদাৰৰ পৰা সংগ্ৰহ কৰা চি এফ আৰৰ জৰিয়তে ভূমি ৰাজহ আদায় দিব পাৰিব। এই অনলাইন ব্যৱস্থাই কর্মসূত্রে বা বিভিন্ন কাৰণত বাহিৰত থকা পট্টাদাৰসকলক ভূমি ৰাজহ আদায় দিয়াৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা কৰা হৈছে। সকলো জিলাৰ মৌজাদাৰ বা তহচিলদাৰৰ কাৰ্যালয়ত এই সুবিধা থাকিব।