October 18, 2024 11:37 AM

views 24

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰূপে ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নাম প্ৰস্তাৱ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰূপে দ্বিতীয় জ্যেষ্ঠ ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নাম আনুষ্ঠানিকভাৱে প্ৰস্তাৱ কৰিছে। কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা এখন পত্ৰত চন্দ্ৰচূড়ে কয় যে, যিহেতু ১০ নৱেম্বৰত তেওঁৰ কাৰ্যকালৰ অন্ত পৰিব তাৰ পাছত ন্যায়াধীশ খান্না মুখ্য ন্যায়াধীশ হ'ব। চৰকাৰৰ অনুমোদনৰ পাছত ন্যায়াধীশ খান্না হ'ব ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ। ২০২৫ চনৰ ১৩ মে'ত মুখ্য ন্যায়াধীশ হিচাপে খান্নাৰ ছমহীয়া কাৰ্যকালৰ অন্ত পৰিব। উল্লেখযোগ্য যে অৱসৰ গ্ৰহণ কৰিবলগীয়া ভাৰতৰ ...