December 26, 2025 8:50 PM

views 12

চিৰিয়াৰ ৱাদ-অল-ধাহাবৰ এটা মছজিদত শুকুৰবাৰৰ নামাজৰ সময়ত বিস্ফোৰণ সংঘটিত হোৱাত কমেও ৫ গৰাকী লোক নিহত হোৱাৰ লগতে ২১গৰাকী লোক আহত

চিৰিয়াৰ ৱাদ-অল-ধাহাবৰ এটা মছজিদত শুকুৰবাৰৰ নামাজৰ সময়ত বিস্ফোৰণ সংঘটিত হোৱাত কমেও পাঁচগৰাকী লোক নিহত হোৱাৰ লগতে ২১গৰাকী লোক আহত হৈছে। চিৰিয়াৰ ছানা সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি জৰুৰীকালীন দল অঞ্চলটোলৈ তৎকালে ৰাওনা হৈ উদ্ধাৰ অভিযান চলাই আহতসকলক সমীপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। নিৰাপত্তা বাহিনীসমূহে অঞ্চলটো ঘেৰাও কৰি ৰাখিছে।