October 12, 2024 12:13 PM

views 27

শাৰদীয় দুর্গা পূজা উপলক্ষে সমগ্ৰ ৰাজ্যতে উখল মাখল পৰিবেশ

শাৰদীয় দুর্গা পূজা উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে কৰিমগঞ্জ জিলাৰ পূজা মণ্ডপো সর্বমংগলময়ী, সিদ্ধিদাত্রী মহিষ মর্দিনী দেৱী দুৰ্গাৰ বন্দনা আৰু পুৰোহিতৰ মন্ত্রোচাৰণ, ঢাক, ঢোল, শংখ, ঘণ্টা, ডবা, কাহৰ শব্দৰ মুখৰ হৈ পৰিছে । ইপিনে বাক্সা জিলাৰ ছিকাদৌল বাথৌ মন্দিৰ প্ৰাংগণত সম্পূৰ্ণ বড়ো ৰীতি-নীতিৰে দুৰ্গা পূজা পালন কৰা হয়। দুৰ্গামাৰ প্ৰতিমাক বড়ো মহিলাসকলে পৰিধান কৰা পৰম্পৰাগত সাজ দখনা পিন্ধাই প্রতিমা নির্মাণ কৰা হৈছে। এই সম্পৰ্কে জিলাখনৰ সংবাদদাতা দামোদৰ তালুকদাৰে এইদৰে কয় -বাইট- ইফালে, হাইলাকান্দি জিলাতো...

October 9, 2024 6:49 PM

views 19

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক উৎসাহ-উদ্দীপনা

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ যথাবিহিত ৰীতি-নীতিৰে আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহ ভিন ভিন বিষয় লৈ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। ইপিনে, ইতিহাস প্রসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা চলি আছে। ৰাজ্যপাল লক্ষণ প্রসাদ আচাৰ্যই শাৰদীয় দুর্গা পূজা উপলক্ষে অসমৰ জনসাধাৰণক আন্তৰিক...

October 8, 2024 7:00 PM

views 22

শাৰদীয় দুর্গা পূজাৰ প্ৰাক্ মুহূৰ্তত সমগ্ৰ ৰাজ্যজুৰি উৎসৱৰ আনন্দমুখৰ পৰিৱেশ

শাৰদীয় দুর্গা পূজাৰ প্ৰাক্ মুহূৰ্তত সমগ্ৰ ৰাজ্যজুৰি উৎসৱৰ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হ'ব। এইবাৰ দেৱী দুৰ্গাৰ দোলাত আগমন ঘটিছে আৰু ঘোঁৰাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। বিগত কিছুদিন ধৰি ৰাজ্যত বৰষুণ হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ পূজাৰ উৎসাহ কিছু স্তিমিত হোৱা দেখা গৈছিল যদিও বতৰ ফৰকাল হোৱাৰ লগে লগে ৰাজ্যবাসীৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। ৰাজ্যৰ প্ৰান্তে প্রান্তে পূজা-মণ্ডপসমূহ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰা হৈছে। ...

October 8, 2024 11:32 AM

views 20

ৰাজ্যজুৰি শাৰদীয় দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যত ব্যাপক উলহ-মালহৰ পৰিবেশে বিৰাজ কৰিছে। যোৱা দুটা দিনত বতৰ কিছু ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। পূজা সমিতিসমূহে বিভিন্ন বিষয়বস্তুক আধাৰ হিচাপে লৈ পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ সজাই-পৰাই তুলিছে। সমান্তৰালভাৱে বতৰ ফৰকাল হোৱাৰ লগে লগে মহানগৰীৰ বজাৰসমূহত বিশেষকৈ ফাঁচীবজাৰ, গণেশগুৰিত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। একেদৰে ৰাজ্যৰ অন্য প্রান্ততো শাৰদীয় দুর্গা পূজাৰ উৎসাহ-উদ্দীপনা ...

October 7, 2024 11:29 AM

views 28

শাৰদীয় দুর্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী

শাৰদীয় দুর্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি উলহ-মালহৰ পৰিবেশে বিৰাজ কৰিছে। কালি দুপৰীয়া ভাগৰে পৰা বতৰ কিছু ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। কালি নৱৰাত্ৰিৰ চতুৰ্থ দিনা দেৱী দুৰ্গাক কুষ্মাণ্ডা ৰূপত পূজা কৰা হয়। দেৱীৰ এই ৰূপে সুস্বাস্থ্য, ইতিবাচক শক্তি আৰু প্ৰাণোচ্ছল জীৱনৰ বাবে প্ৰেৰণা দিয়ে বুলি বিশ্বাস কৰা হয় ৷ আনহাতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিকূল বতৰকো নেওচি পূজাৰ প্ৰস্তুতি অব্যাহত আছে। গুৱাহাটী মহানগৰীৰ পূজা মণ্ডপসমূহ সজাই তোলাৰ বাবে আয...

October 6, 2024 12:02 PM

views 26

শাৰদীয় দুর্গা পূজালৈ ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত

শাৰদীয় দুর্গা পূজালৈ মাজত মাথো দুদিন থকা অৱস্থাত ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত আছে। অৱশ্যে বিগত ২-৩ দিন ধৰি হৈ থকা বৰষুণৰ ফলত পূজাৰ মণ্ডপসমূহৰ প্ৰস্তুতিত কিছু সমস্যাই দেখা দিছে। প্ৰতিকুল বতৰকো নেওচি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণে পূজাৰ বাবে বজাৰ সমাৰকে ধৰি অন্যান্য প্রস্তুতি চলাই আছে। ইপিনে, শাৰদীয় নৱৰাত্ৰিৰ কালি তৃতীয় দিনা দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা অৰ্চনা কৰা হয়। অহা বুধবাৰে ষষ্ঠীৰ বেদীত দেবী প্রতিষ্ঠা কৰা হব। শক্তিপীঠ কামাখ্যা ধামকে ধৰি ৰাজ্যৰ বিভিন্ন প্রাচীন দেৱালয়সমূহত নৱৰাত্ৰ...

September 29, 2024 7:29 PM

views 28

শাৰদীয় দুর্গা পূজা সমিতিসমূহলৈ বিত্তীয় সাহায্য প্ৰদানৰ বিষয়ে অসম চৰকাৰৰ ঘোষণা

সমগ্ৰ ৰাজ্যজুৰি শাৰদীয় দুর্গা পূজাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ নিৰ্মাণৰ বাবে প্ৰস্তুতি চলিছে। প্রতি বছৰৰ দৰে এইবাৰো অসম চৰকাৰে দুর্গা পূজা সমিতিসমূহলৈ বিত্তীয় সাহায্য প্ৰদানৰ বিষয়ে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰি এই বিত্তীয় সাহায্যৰ বাবে পূজা সমিতিসমূহক সংশ্লিষ্ট জিলা আয়ুক্তৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে পূজা আৰু বিহুৰ লগতে ভাওনা আয়োজনৰ ক্ষেত্ৰতো...