October 11, 2024 6:48 PM

views 25

শাৰদীয় দুর্গোৎসৱৰ অষ্টমী-নৱমী পূজা একেদিনাই সম্পন্ন, দেৱী দুৰ্গাৰ আশিস গ্ৰহণ ভক্তিপ্ৰাণ ৰাইজৰ

শাৰদীয় দুর্গোৎসৱৰ অষ্টমী আৰু নৱমী পূজা আজি তিথি অনুসৰি একেদিনাই সম্পন্ন হয়। এই উপলক্ষে ৰাজ্যৰ প্ৰতিখন পূজাস্থলীতে ভক্তিপ্ৰাণ ৰাইজে দেৱী দুৰ্গাৰ আশিস গ্ৰহণ কৰে। গোৱালপাৰা জিলাত আজি পুৱাৰ ভাগত বৈদিক ৰীতি-নীতিৰে অষ্টমী পূজা সমাপন কৰাৰ পাছত নৱমী পূজাও সম্পন্ন কৰা হয়। জিলাখনৰ নেপালী মন্দিৰ সাৰ্বজনীন দুর্গা পূজা সমিতিয়ে আজি ৯গৰাকী কুমাৰীক সজাই পৰাই কুমাৰী পূজা পালন কৰে। কুমাৰী পূজা উপলক্ষে প্ৰত্যেক বছৰৰ দৰে এইবাৰো বৃহৎ সংখ্যক ভক্তিপ্ৰাণ লোকৰ সমাগম হয়। ইফালে, গোৱালপাৰা জিলাৰ টুক্ৰেশ্বৰী দেৱালয়তো ...

October 7, 2024 6:43 PM

views 18

শাৰদীয় দুর্গা পূজালৈ মাজত মাত্ৰ এটা দিন, ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ

শাৰদীয় দুর্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। কালি দুপৰীয়া ভাগৰে পৰা বতৰ কিছু ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত পূজাৰ প্ৰস্তুতি অব্যাহত আছে। পূজা সমিতিসমূহে বিভিন্ন বিষয়বস্তুক আধাৰ হিচাপে লৈ পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ সজাই তুলিছে। সমান্তৰালভাৱে বতৰ ফৰকাল হোৱাৰ লগে লগে মহানগৰীৰ ফাঁচীবজাৰ, গণেশগুৰিত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। একেদৰে ৰাজ্যৰ অন্য প্ৰান্ততো মন পছন্দৰ কাপোৰ বিচ...