October 2, 2025 8:29 PM

views 32

প্রতিকুল বতৰৰ মাজতে গুৱাহাটী মহানগৰীৰ পাঁচটাকৈ ঘাটত দুৰ্গাক বিসর্জন প্রক্রিয়া

■ ষষ্ঠীত প্ৰতিষ্ঠা কৰা শক্তিৰূপিনী দেৱী দুৰ্গাক আজি বিজয়া দশমীত যথাবিহিত ৰীতি-নীতিৰে বিসৰ্জন দিয়া হৈছে। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হ'ব। প্রতিকুল বতৰৰ মাজতে গুৱাহাটী মহানগৰীৰ পাঁচটাকৈ ঘাটত বিসর্জন প্রক্রিয়া চলি আছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি লাচিত ঘাট, পাণ্ডু ঘাট, চূণচালিকে ধৰি পাঁচটা ঘাটত বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যান-জঁটৰ সমস্যা লাঘব...

October 2, 2025 6:08 PM

views 61

দেৱী দুৰ্গাক বিজয়া দশমীত যথাবিহিত ৰীতি-নীতিৰে বিসৰ্জন দিয়া হৈছে

● ষষ্ঠীত প্ৰতিষ্ঠা কৰা শক্তিৰূপিনী দেৱী দুৰ্গাক আজি বিজয়া দশমীত যথাবিহিত ৰীতি-নীতিৰে বিসৰ্জন দিয়া হৈছে। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হ'ব। প্ৰতিকূল বতৰৰ মাজতে গুৱাহাটী মহানগৰীৰ পাঁচটাকৈ ঘাটত বিসর্জন প্রক্রিয়া চলি আছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি লাচিত ঘাট, পাণ্ডু ঘাট, চূণচালিকে ধৰি পাঁচটা ঘাটত বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যান-জঁটৰ সমস্যা লাঘব...

October 1, 2025 9:09 PM

views 31

বিজয়া দশমীৰ প্ৰাক্-ক্ষণত ৰাষ্ট্ৰপতি দ্রৌপদী মৰ্মুৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন

বিজয়া দশমীৰ প্ৰাক্-ক্ষণত ৰাষ্ট্ৰপতি দ্রৌপদী মৰ্মুৱে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে দুর্গোৎসৱ হৈছে, অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয়ৰ প্ৰতীক। এই উৎসৱে মানুহক সত্য আৰু ন্যায়ৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা ৰাৱণ দাহন আৰু দুর্গা পূজাই জাতীয় মূল্যবোধৰ প্ৰতিফলন ঘটায় বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। ন্যায়, সমতা আৰু সমন্বয়ৰ ধাৰণাৰে দেশবাসীক একেলগে উন্নতিৰ দিশে অগ্ৰসৰ হবলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে আহ্বান জনায়।

October 1, 2025 9:07 PM

views 37

শাৰদীয় দুর্গাপূজাৰ মহানৱমী উপলক্ষে জনসাধাৰণক প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

শাৰদীয় দুর্গাপূজাৰ আজি মহা নৱমী। মহানৱমী উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে, যে নৱৰাত্ৰিয়ে সকলোৰে জীৱনত সু- ভৱিষ্যৎ, সমৃদ্ধি আৰু সাফল্য নিশ্চিত কৰিব। আজি দেৱী দুৰ্গাক সিদ্ধিদাত্ৰী ৰূপত পূজা-অৰ্চনা কৰা হৈছে। দেৱী দুৰ্গাৰ নৱম ৰূপৰ পূজা কৰাৰ লগতে আজিৰ দিনটোত কুমাৰী পূজাৰো আয়োজন কৰা হয়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো দেৱী দুৰ্গাৰ মহানৱমী পূজা অনুষ্ঠিত হৈছে। অৱশ্যে শিল্পী জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি...

October 1, 2025 8:54 PM

views 38

প্ৰাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰা হৈছে

শাৰদীয় দুর্গাপূজাৰ আজি মহা নৱমীত দেৱীক সিদ্ধিদাত্ৰী ৰূপত পূজা-অৰ্চনা কৰা হয়। দেৱীৰ এই ৰূপে আধ্যাত্মিক জ্ঞান আৰু মহৎ শক্তিক প্ৰতিফলিত কৰে। জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে পৰম্পৰা ৰক্ষা কৰি জনসাধাৰণে মহিষ মর্দিনীৰ আৰাধনা কৰিছে। ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপতে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ গান শুনিবলৈ পোৱা গৈছে। গুৱাহাটী, লখিমপুৰ, বিজনীৰ দৰে ভালেসংখ্যক চহৰত শিল্পীগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মণ্ডপসমূহ সজাই-পৰাই তোলা হৈছে। গুৱ...

October 1, 2025 7:02 PM

views 56

শাৰদীয় দুর্গাপূজাৰ আজি মহা নৱমীত দেৱীক সিদ্ধিদাত্ৰী ৰূপত পূজা-অৰ্চনা

শাৰদীয় দুর্গাপূজাৰ আজি মহা নৱমীত দেৱীক সিদ্ধিদাত্ৰী ৰূপত পূজা-অৰ্চনা কৰা হয়। দেৱীৰ এই ৰূপে আধ্যাত্মিক জ্ঞান আৰু মহৎ শক্তিক প্ৰতিফলিত কৰে। জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে পৰম্পৰা ৰক্ষা কৰি জনসাধাৰণে মহিষ মর্দিনীৰ আৰাধনা কৰিছে। ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপতে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ গান শুনিবলৈ পোৱা গৈছে। গুৱাহাটী, লখিমপুৰ, বিজনীৰ দৰে ভালেসংখ্যক চহৰত শিল্পীগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মণ্ডপসমূহ সজাই-পৰাই তোলা হৈছে। গুৱ...

September 30, 2025 8:53 PM

views 39

বৰাক উপত্যকাকে ধৰি ৰাজ্যৰ আন জিলাসমূহতো মহা অষ্টমী উপলক্ষে অগণন ভক্তৰ সমাগম

বৰাক উপত্যকাৰ জিলাকেইখনতো শাৰদীয় দুর্গাপূজাৰ মহা অষ্টমী উপলক্ষে আজি পৱিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শিলচৰৰ ঐতিহ্যমণ্ডিত ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত পুৱাৰেপৰা অগণন ভক্তৰ সমাগম হৈছে। ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত আজি দেৱীক মহাষ্টমীত মহা গৌৰীৰ ৰূপত পূজা কৰা হৈছে। বৰপেটা ৰোডৰ বিভিন্ন পূজাথলীত আজি মহাষ্টমী পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ দক্ষিণ প্ৰান্তৰ দক্ৰেশ্বৰ দেৱালয়, বৰপেটাৰোডৰ দুৰ্গাবাৰী কালীবাৰী পূজা আৰু শিৱবাৰীকে ধৰি বিভিন্ন স্থানত পূজা অনুষ্ঠিত হৈছে। হাউলীৰ আনন্দ বজাৰৰ জনকল্যাণ সমিতিৰ পূজা মণ্ডপে এইবাৰ ৰ...

September 30, 2025 8:34 PM

views 30

শাৰদীয় দুর্গা পূজা উপলক্ষে দেশ-বিদেশৰ ভাৰতীয়সকলক ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ  শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শাৰদীয় দুর্গা পূজা উপলক্ষে দেশ-বিদেশৰ ভাৰতীয়সকলক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিয়ে কয়, যে এই উৎসৱে দেশৰ সংস্কৃতি, বিশ্বাস আৰু আধ্যাত্মিক ঐতিহ্যক প্ৰতিফলিত কৰে। মা দুৰ্গাৰ নটা ৰূপৰ আৰাধনাই জনসাধাৰণক সত্য, ন্যায় আৰু সহানুভূতিৰ প্ৰতি উদ্বুদ্ধ কৰি তোলে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্ৰকাশ কৰে যে, শাৰদীয় দুর্গোৎসৱে সকলোকে সুখ, শান্তি আৰু সু-স্বাস্থ্য প্ৰ...

September 30, 2025 6:38 PM

views 51

শাৰদীয় দুর্গা পূজাৰ মহাষ্টমীত দেৱীক মহাগৌৰীৰ ৰূপত পূজা-অৰ্চনা

শাৰদীয় দুর্গা পূজাৰ আজি মহাষ্টমীত দেৱীক মহাগৌৰীৰ ৰূপত পূজা-অৰ্চনা কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় বিচাৰি শক্তিৰূপিনী দুৰ্গাৰ আৰাধনা কৰিছে। শক্তিপীঠ কামাখ্যা ধাম, বেলশৰৰ বিল্বেশ্বৰ দেৱালয়কে ধৰি প্ৰাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰা হৈছে। উগ্ৰতাৰা দেৱালয়ত আজি দুৰ্গা পূজাৰ মহা অষ্টমীত ভক্তসকলে দেৱীৰ আশীষ গ্ৰহণ কৰে। মার্কণ্ডেয় ...

September 30, 2025 11:54 AM

views 93

শাৰদীয় দুর্গা পূজাৰ আজি মহাঅষ্টমী

শাৰদীয় দুর্গা পূজাৰ আজি মহাঅষ্টমী। আজি দেৱীক মহাগৌৰীৰ ৰূপত পূজা-অৰ্চনা কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় বিচাৰি শক্তিৰূপিনী দুৰ্গাৰ আৰাধনা কৰিছে। শক্তিপীঠ কামাখ্যা ধাম, বেলশৰৰ বিল্বেশ্বৰ দেৱালয়কে ধৰি প্ৰাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰা হৈছে। উগ্ৰতাৰা দেৱালয়ত কালি দুৰ্গা পূজাৰ সপ্তমীত ভক্তসকলে দেৱীৰ আশীষ গ্ৰহণ কৰে। মুখ্যমন্ত্...