August 27, 2024 10:53 AM
16
ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি মোহনবাগান এছ জি-বেংগালুৰু এফ চিৰ মাজত দ্বিতীয়খন ছেমিফাইনেল
ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি মোহনবাগান এছ জি-বেংগালুৰু এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আজিৰ খেলখনৰ বিজয়ী দলটো ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে, কালি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে শ্বিলঙৰ লাজং এফ চিক ৩-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।