August 18, 2024 7:53 PM

views 28

কোকৰাঝাৰ ছাই ষ্টেডিয়ামত  ২১ আগষ্টত ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল

কোকৰাঝাৰ ছাই ষ্টেডিয়ামত অহা ২১ আগষ্টত ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। দিনৰ ৪ বজাত অনুষ্ঠিত হ'বলগীয়া খেলখনত গ্রুপ ইৰ চেম্পিয়ন তথা আই এছ এলৰ গুৱাহাটীৰ দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে গ্রুপ বিৰ চেম্পিয়ন তথা প্ৰতিযোগিতাৰ আয়োজক ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ পুৰণি তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপৰ গ্ৰুপ লীগৰ খেলসমূহৰ অন্তত ৮ টা দলে কোৱাৰ্টাৰ ফাইনেল খেলিব। ভাৰতীয় সেনাই আয়োজন কৰা প্ৰতিযোগ...

August 3, 2024 1:58 PM

views 14

১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলত আজি গ্ৰুপ-ইৰ দ্বিতীয়খন খেলত আই এছ এলৰ দল ওড়িশা এফ চিয়ে বি এছ এফ ফুটবল দলৰ সৈতে খেলিব

চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ আজি কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ-ইৰ দ্বিতীয়খন খেলত আই এছ এলৰ দল ওড়িশা এফ চিয়ে বি এছ এফ ফুটবল দলৰ সৈতে খেলিব। আবেলি ৪ বজাৰ পৰা এই মেচখন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে উভয় দলৰ বাবে এয়া প্ৰতিযোগিতাৰ প্ৰথম খেল।

July 30, 2024 8:29 PM

views 13

কোকৰাঝাৰত ডুৰাণ্ড কাপ প্রতিযোগিতাৰ উদ্বোধনী খেলত নৰ্থ ইষ্ট এফ চিৰ জয়লাভ

আজিৰে পৰা কোকৰাঝাৰ চহৰৰ কঠালগুৰিত থকা ছাই ষ্টেডিয়ামত ১৩৩ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতা অনুষ্ঠিত হৈছে। কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত এইবাৰ দ্বিতীয়বাৰৰ বাবে ডুৰাণ্ড কাপ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। আজিৰ উদ্বোধনী মেচখন বড়োলেণ্ড এফ চি আৰু নৰ্থ ইষ্ট এফ চিৰ মাজত খেলোৱা হয়। এই খেলখনত নৰ্থ ইষ্ট এফ চিয়ে ২-০ গ’লৰ ব্যৱধানত জয়লাভ কৰে। উদ্বোধনী খেলখনৰ পূৰ্বে ভাৰতীয় সেনাৰ বিমান চালনা শাখাই আকাশ মাৰ্গত বিভিন্ন কলা-কৌশলী প্ৰদৰ্শন কৰে। স্থানীয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। উদ্বোধনী অনুষ্ঠান...