August 31, 2024 12:19 PM

views 15

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড বনাম মোহন বাগান

নর্থ ইষ্ট ইউনাইটেড এফ চি আজি সন্ধিয়া কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াঙ্গনত হ'বলগীয়া ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত মোহন বাগানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ১৭ বাৰকৈ ডুৰাণ্ড কাপৰ খিতাপ অৰ্জন কৰা মোহন বাগানে এইবাৰ ১৮ বাৰৰ বাবে চেম্পিয়নশ্বিপ দখল কৰাৰ বাবে প্ৰয়াস চলাব। উল্লেখযোগ্য যে, মোহন বাগানে গ্রুপ পৰ্যায়ৰ আটাইকেইখন খেলতে জয়ী হৈছে। আনহাতে, নৰ্থ ইষ্ট ইউনাইটেডে গ্রুপ পৰ্যায়ৰ খেলত দুর্দান্ত খেল প্ৰদৰ্শন কৰি প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে।