August 24, 2025 1:02 PM

views 30

ডুৰাণ্ড কাপত নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ পুনৰ খিতাপ জয়

■ নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত পুনৰ খিতাপ জয় কৰি দ্বিতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাৰ ছেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। কলকাতাৰ ছৰ্ট লেক যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত ফাইনেলত কালি দলটোৱে ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবক ৬–১ গ'লত পৰাস্ত কৰে। খেলৰ প্ৰথমাৰ্ধত নর্থ ইষ্ট ইউনাইটেডে দুটা গ'ল দি বিপক্ষক চাপত ৰাখিবলৈ সমৰ্থ হয়। ইয়াৰ পাছতে ৫০, ৬৮, ৮১ আৰু ৮৬ মিনিটত দলটোৱে বাকী গ'লকেইটা দিবলৈ সমৰ্থ হয়। ইয়াৰ মাজতে ৬৮ মিনিটত ডায়মণ্ড হাৰ্বাৰ দলে প্রথম আৰু একমাত্ৰ গ'লটো দিয়ে। ...

August 21, 2025 5:42 PM

views 36

ডুৰাণ্ড কাপৰ ফাইনেলত পৰহিলৈ ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত পৰহিলৈ ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ'ব। খেলখন কলকাতাৰ ছল্ট লেক যুৱ ভাৰতী ক্রীড়াংগনত খেলোৱা হ'ব। ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ১৬ বাৰৰ চেম্পিয়ন ইষ্ট বেংগল ফুটবল ক্লাবক ২-১ গলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনৰ দ্বিতীয়াৰ্ধত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবৰ হৈ মাইকেল কৰ্টাজাৰে প্ৰথমটো গল দিয়ে যদিও তাৰ ক...

August 19, 2025 12:37 PM

views 26

ডুৰাণ্ড কাপৰ প্ৰথমখন ছেমি ফাইনেলত নর্থ ইষ্ট ইউনাইটেড এফ চি লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

■ সেনাবাহিনীয়ে আয়োজন কৰা ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি নর্থ ইষ্ট ইউনাইটেড এফ চি লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া ৭ বজাত খেলখন অনুষ্ঠিত হ'ব। এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্রতিযোগিতাখনত এয়া তৃতীয়বাৰৰ বাবে দুয়োটা দল মুখামুখি হ'ব। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ছেমি ফাইনেলতো দুয়োটা দল পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল আৰু নৰ্থ ইষ্ট ইউনাইটেডে মেঘালয়ৰ দলটোক ৩-০ত পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈছিল।

August 17, 2025 8:26 PM

views 24

ডুৰাণ্ড কাপ ফুটবলত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবৰ ছেমি ফাইনেলত প্ৰৱেশ

■ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। জামচেদপুৰৰ জে আৰ ডি টাটা ক্রীড়া প্ৰকল্পত অনুষ্ঠিত এখন কোৱাৰ্টাৰ ফাইনেল খেলত জামচেদপুৰ ফুটবল ক্লাবক ২-০ গ'লত পৰাজিত কৰি দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে, কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াঙ্গনত অনুষ্ঠিত হ'বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেল খেলত মোহন বাগান ছুপাৰ জায়েণ্টছ দল ইষ্ট বেংগলৰ মুখামুখি হ'ব। মোহন বাগানে ১৮ তম ডুৰাণ্ড কাপ খিতাপ লাভৰ লক্ষ্যৰে আগবঢ়াৰ বিপৰীতে ইষ্ট বেংগল দলে ডুৰাও কাপৰ ১৭ তম ...

August 9, 2025 11:09 PM

views 27

ডুৰাণ্ড কাপ ফুটবলত পাঞ্জাব এফ চিক ১-০ গ’লত পৰাস্ত বড়োলেণ্ড এফ চিৰ

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি কোকৰাঝাৰৰ ভাৰতীয় খেল প্ৰাধিকৰণৰ ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ ডিৰ এখন গুৰুত্বপূৰ্ণ খেল অসমৰ বড়োলেণ্ড এফ চিয়ে পাঞ্জাব এফ চিক ১-০ গ'লত পৰাস্ত কৰি বৃহৎ অঘটন ঘটায়। খেলখনৰ ৬৯ মিনিটত কৰ্ণাৰ কিকৰ বল হেডেৰে ৰবিনচনে নির্ণায়ক গ'লটো দিয়ে। বড়োলেণ্ড এফ চিয়ে এই জয়েৰে প্ৰতিযোগিতাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ আশা সজীৱ কৰি ৰাখিছে। কোকৰাঝাৰ দলটোৱে লীগ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল ড্র' খেলিলেও কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিব।  

July 28, 2025 10:43 AM

views 31

ইম্ফলৰ খুমান লম্পাক ষ্টেডিয়ামত ৩০ জুলাইত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ১৩৪ সংখ্যক সংস্কৰণ আৰম্ভ হ’ব

ইম্ফলৰ খুমান লম্পাক ষ্টেডিয়ামত অহা ৩০ জুলাইত ভাৰতৰ সবাতোকৈ পুৰণি ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপৰ ১৩৪ সংখ্যক সংস্কৰণ আৰম্ভ হ'ব। ইয়াৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। খুমান লম্পাক ষ্টেডিয়ামত গ্রুপ-এফৰ খেলসমূহ অনুষ্ঠিত হ'ব। ৰিয়েল কাশ্মীৰ এফ চি, ভাৰতীয় নৌসেনা ফুটবল দল আৰু নেৰ’কা এফ চি তথা ট্রাও এফ চি নামৰ দুটা স্থানীয় দলক এই গ্রুফ-এফত অন্তৰ্ভুক্ত কৰা হৈছে। দেশৰ অন্যান্য চহৰত ডুৰাণ্ড কাপৰ খেলসমূহ ইতিমধ্যে আৰম্ভ হৈছে। প্ৰথমখন খেলত স্থানীয় দল দুটা প্রতিযোগিতাত অৱতীৰ্ণ হ'ব। সাংবা...

July 14, 2025 11:34 AM

views 46

২৭ জুলাইৰ পৰা ১৬ আগষ্টলৈকে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত ১৩৪ সংখ্যক ডুৰাণ্ড কাপ

● ২৭ জুলাইৰ পৰা ১৬ আগষ্টলৈকে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ১৩৪ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতাৰ পূৰ্বে কালি তামুলপুৰ জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত "ডুৰাণ্ড কাপ ট্ৰফী ট্যূৰ" কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। এই কাৰ্যসূচী ভাৰতীয় সেনাবাহিনীৰ গজৰাজ কৰ্পছৰ ১০৭ মাউণ্টেইন ব্রিগেডৰ উদ্যোগত তথা অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হয়। এই কৰ্যসূচীত সেনাবাহিনীৰ তামুলপুৰৰ ১০৭ ব্রিগেড কর্নেল ভূপেন্দ্ৰ সিং চৌধুৰী, স্থানীয় বিধায়ক জলেন দৈমাৰী, তামুলপুৰ জিলাৰ জ্যেষ্ঠ আ...