July 27, 2025 11:04 AM
14
ৰাজ্যত বিগত দুমাহত বৰষুণৰ পৰিমাণ প্রায় ৪৪ শতাংশ হ্ৰাস
ৰাজ্যত বিগত দুমাহত বৰষুণৰ পৰিমাণ প্রায় ৪৪ শতাংশ হ্ৰাস পাইছে। গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি জুন-জুলাইত সাধাৰণতে ৭৮৮. ৮ মিলিমিটাৰ বৰষুণ হয় যদিও এইবেলি ৪৪৪.১ মিলিমিটাৰহে বৰষুণ হৈছে। সেই অনুসৰি এই সময়ছোৱাত বৰষুণৰ পৰিমাণ ৪৪ শতাংশ হ্ৰাস পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে এই সময়ছোৱাত দক্ষিণ শালমাৰাত ৰাজ্যৰ ভিতৰত বৰষুণৰ পৰিমাণ সৰ্বাধিক হ্ৰাস পাইছে। জিলাখনত পহিলা জুনৰ পৰা ২৫ জুলাইলৈ বৰষুণৰ পৰিমাণ প্রায় ৮৪ শতাংশ কম হৈছে। একেদৰে দৰঙত বৰষুণৰ পৰিমাণ স্বাভাৱিতকৈ ৭৯, বৰপেটা...