May 21, 2024 11:52 AM

views 25

গুৱাহাটী ৰে’ল ষ্টেচনত মাদক দ্রব্যসহ এজন লোকক গ্ৰেপ্তাৰ ৰে’ল আৰক্ষীৰ

ৰে’ল আৰক্ষীয়ে কালি গুৱাহাটী ৰে’ল ষ্টেচনৰ ৪ নম্বৰ প্লেটফৰ্মত অভিযান চলাই মাদক দ্রব্যসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লোকজনৰ পৰা ৪৮ গ্রাম ব্রাউন ছুগাৰ জব্দ কৰিবলৈ সমৰ্থ হয়। আন এটা অভিযানত ৰে'ল আৰক্ষীয়ে গুৱাহাটী ৰে’ল ষ্টেচনত এজন কিশোৰৰ পৰা ৬ কিলোগ্রাম ভাং জব্দ কৰে। গুৱাহাটীৰ পৰা বেংগালুৰু অভিমুখী ৰে’লত উঠিবলৈ লোৱাৰ সময়তে কিশোৰজনৰ পৰা ভাংখিনি জব্দ কৰা হয়।