August 29, 2024 9:17 PM

views 21

ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ মাদকসহ ৮জন লোক আটক

অসম আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰাৰ লগতে কেইবাজনো লোকক এই সংক্ৰান্তত আটক কৰিছে। আজি নলবাৰী জিলাৰ চামতাত বেলশৰ আৰক্ষীয়ে অভিযান চলাই মাদক দ্রব্য জব্দ কৰাৰ লগতে পাঁচজন যুৱকক আটক কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ধৃত লোককেইজনৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য আৰু অন্যান্য আপত্তিজনক সামগ্রী জব্দ কৰা হৈছে। ধুবুৰী জিলাৰ অসম-বাংলাদেশ সীমান্তত মাদক দ্রব্যসহ এজন লোকক আৰক্ষীয়ে আটক কৰে। লোকজনৰ জিম্মাৰ পৰা ১৪ গ্ৰামৰো অধিক ব্রাউন ছুগাৰ জব্দ কৰা হয়। যোৱা নিশা গোলকগ...

June 13, 2024 11:57 AM

views 19

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত, বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। কালি অসম আৰক্ষীয়ে দুটা পৃথক অভিযানত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। কালি বিয়লি কৰিমগঞ্জত অসম আৰক্ষীৰ বিশেষ কাৰ্য বাহিনীৰ মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলা এটা অভিযানত প্ৰায় ৬৬ কোটি টকা মূল্যৰ নিচাযুক্ত টেবলেট জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৩টা সৰবৰাহকাৰীক আটক কৰিছে। ইপিনে কাৰ্বি আংলঙত কালি আৰক্ষীয়ে অভিযান চলাই এখন ব্যক্তিগত বাহনৰ পৰা ৩৬ হাজাৰ নিচাযুক্ত টেবলেট জব্দ কৰে।