August 29, 2024 9:17 PM August 29, 2024 9:17 PM
13
ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ মাদকসহ ৮জন লোক আটক
অসম আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰাৰ লগতে কেইবাজনো লোকক এই সংক্ৰান্তত আটক কৰিছে। আজি নলবাৰী জিলাৰ চামতাত বেলশৰ আৰক্ষীয়ে অভিযান চলাই মাদক দ্রব্য জব্দ কৰাৰ লগতে পাঁচজন যুৱকক আটক কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ধৃত লোককেইজনৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য আৰু অন্যান্য আপত্তিজনক সামগ্রী জব্দ কৰা হৈছে। ধুবুৰী জিলাৰ অসম-বাংলাদেশ সীমান্তত মাদক দ্রব্যসহ এজন লোকক আৰক্ষীয়ে আটক কৰে। লোকজনৰ জিম্মাৰ পৰা ১৪ গ্ৰামৰো অধিক ব্রাউন ছুগাৰ জব্দ কৰা হয়। যোৱা নিশা গোলকগ...