August 21, 2026 7:34 PM

views 17

মাদকদ্রব্য বিৰোধী অভিযান চলাই অসম আৰক্ষীৰ বৃহৎ সফলতা

অসম আৰক্ষীয়ে মাদকদ্রব্য বিৰোধী অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে। কাছাৰ জিলাৰ উধাৰবন্দৰ এটা গুডামত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ কোডেইন কফছিৰাপ আৰু ট্রেমাডল কেপচুল জব্দ কৰে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে আৰক্ষীয়ে যোৱা নিশা গোচাইপুৰ অঞ্চলৰ এটা গুডামত অভিযান চলাই কফছিৰাপ ভর্তি ১২২ টা কার্টুন আৰু ১৩০ টা ট্রেমাডল কেপচুলসহ এজন সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীজন সুহুদ আহমেদ লস্কৰ বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে ঘটনা সংক্রান্তত তদন্ত অব্যাহত ৰাখিছে। ধেমাজি আৰক্ষীয়ে আজি জিলাখনৰ বৰপাতৰিয়াত অভিযান...

June 18, 2026 4:14 PM

views 25

মাদক দ্রব্য বিৰোধী অভিযানত নগাঁও আৰক্ষীৰ বৃহৎ সফলতা

নগাঁও আৰক্ষীয়ে আজি মাদক দ্রব্য বিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰে। আৰক্ষীয়ে নগাঁও চহৰৰ সমীপৰ বৰঘাটত অভিযান চলাই ৬৮টা চাবোনৰ বাকচত ভৰাই অনা কেইবা কোটি টকাৰ মাদক দ্রব্য জব্দ কৰে। আৰক্ষীয়ে লগতে নগাঁৱৰ পৰা জুৰিয়ালৈ মাদক দ্রব্যখিনি লৈ যোৱা তিনিজন সৰবৰাহকাৰীক আটক কৰে। ধৃত লোককেইজন ইনামুল হক, ইলিয়াছ আহমেদ আৰু নজমুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

June 17, 2026 2:09 PM

views 29

আৰক্ষীৰ কাৰ্বি আংলং জিলাত মাদক দ্রব্য বিৰোধী অভিযান

আৰক্ষীয়ে কাৰ্বি আংলং জিলাত মাদক দ্রব্য বিৰোধী অভিযান চলাই ড্রাগ সৰবৰাহৰ প্ৰচেষ্টা ব্যর্থ কৰিছে। আৰক্ষীয়ে এই অভিযানত তিনি কিলোগ্রাম ৪৯ গ্রাম ভাং জব্দ কৰে। জব্দ কৰা ভাংখিনিৰ মূল্য প্রায় ৩ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। অভিযানত আৰক্ষীয়ে এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে।

January 20, 2026 11:53 AM

views 59

কাছাৰত বুজন পৰিমাণৰ মাদক দ্রব্যসহ এজন লোকক আটক

কাছাৰ আৰক্ষীয়ে মাদকদ্রব্য বিৰোধী অভিযান চলাই কালি কাছুদাৰাম অঞ্চলৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্যসহ এজন লোকক আটক কৰে। জব্দ কৰা মাদকদ্রব্যখিনিৰ বজাৰ মূল্য প্রায় ২ কোটি টকা বুলি আৰক্ষীয়ে জনাইছে। এই সংক্রান্তত আৰক্ষীয়ে লোকজনক সোধাপোছা কৰিছে। ডিব্ৰুগড়ৰ চাবুৱা আৰক্ষীয়েও কালি অভিযান চলাই হাতীআলি টীয়হজলিয়া গাঁৱৰ দীপজ্যোতি গগৈ নামৰ লোকজনৰ বাসগৃহৰ পৰা বহু পৰিমাণৰ ভাঙৰ পেকেট জব্দ কৰে। আৰক্ষীয়ে এই সংক্রান্তত লোকজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

January 10, 2026 12:47 PM

views 37

ডিব্ৰুগড়ৰ টিপাম ফাঁকিয়াল নেপালী গাঁৱত আৰক্ষীৰ অভিযান মাদক দ্রব্য সৰবৰাহকাৰী আটক

ডিব্ৰুগড় আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত কালি নিশা জয়পুৰ আৰক্ষী থানাৰ অন্তৰ্গত টিপাম ফাঁকিয়াল নেপালী গাঁৱত অভিযান চলাই এজন মাদক দ্রব্য সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে সৰবৰাহকাৰীজনৰ পৰা ৫টা চাবোনৰ বাকচত ভৰাই অনা বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰে। ধৃত লোকজন চন্দন বৰা বুলি জানিব পৰা গৈছে। ডিব্ৰুগড় আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযানত আটক কৰা যুৱকজনক আৰক্ষীয়ে মাদক দ্রব্য সৰবৰাহ সন্দৰ্ভত সোধা-পোছা অব্যাহত ৰাখিছে। কাছাৰ আৰক্ষীয়ে মাদক দ্রব্য সৰবৰাহৰ অভিযোগত কালি তিনিজন সৰবৰাহকাৰীক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা বুজন প...

January 3, 2026 1:12 PM

views 57

ৰাজস্থানত ২০ কোটি টকাৰ মাদক দ্রব্য জব্দ, তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰাজস্থান আৰক্ষীয়ে কালি শ্ৰীগংগানগৰত চোৰাংভাৱে সৰবৰাহ হৈ থকা ২০ কোটি টকাৰ মাদক দ্রব্য জব্দ কৰাৰ লগতে তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। শ্ৰীগংগানগৰৰ আৰক্ষী অধীক্ষক অমৃতা দুহানে কালি এই আৰক্ষী অভিযানৰ সবিশেষ প্ৰকাশ কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, পাকিস্তানৰ পৰা ড্র'ন যোগে এই মাদক দ্রব্য সৰবৰাহ কৰা হৈছিল। ইতিমধ্যে তিনিওজন অভিযুক্তৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷

January 3, 2026 12:51 PM

views 39

ভাৰত-ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ অভিযানত মেথামফেটামাইন টেবলেটসহ এজন সৰবৰাহকাৰীক আটক

আছাম ৰাইফলছে ভাৰত-ম্যানমাৰ সীমান্তত অভিযান চলাই কালি বুজন পৰিমাণৰ মেথামফেটামাইন টেবলেটসহ এজন সৰবৰাহকাৰীক আটক কৰে। মাদক দ্রব্যখিনিৰ বজাৰ মূল্য ৩৩ কোটি টকাৰো অধিক হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। প্ৰতিৰক্ষা মুখপাত্ৰই জনোৱা মতে ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপত মাদক দ্রব্য সৰবৰাহ সন্দৰ্ভত লাভ কৰা গোপন সূত্ৰৰ ভিত্তিত আছাম ৰাইফলছে মিজোৰাম আৰক্ষীৰ সৈতে ছাইটুৱেল জিলাৰ কাইফাং অঞ্চলত অভিযান চলায়। এই অভিযানত ১১ কিলোগ্ৰামৰো অধিক মেথামফেটামাইন টেবলেট জব্দ কৰা হয়। আছাম ৰাইফলছে লগতে অসমৰ বদৰপুৰ জিলাৰ নিবাসী হাছান...

November 8, 2025 8:37 PM

views 63

বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট, নগদ ধনসহ মহিলাক গ্ৰেপ্তাৰ মানকাচৰৰ পূবেৰগাওঁ আৰক্ষীৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত -বাংলাদেশ সীমান্তৱৰ্তী পূবেৰগাওঁ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু নগদ ধনসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। মাদক দ্রব্য সৰবৰাহত জড়িত এই মহিলাগৰাকীৰ পৰা আৰক্ষীয়ে প্ৰায় ডেৰ হাজাৰ নিচাযুক্ত টেবলেট আৰু ৯ হেজাৰ ১০০ টকা উদ্ধাৰ কৰিছে। আৰক্ষীয়ে মহিলাগৰাকীক সোধা পোচাৰ অন্তত হাতশিঙিমাৰী আদালতত হাজিৰ কৰে। মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি মানকাচৰত মাদক দ্রব্য সৰবৰাহ কৰি আহিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

June 19, 2025 12:23 PM

views 71

পাণ্ডুৰ শদিলাপুৰত আৰক্ষীৰ অভিযানত ড্রাগ্‌ছ সৰবৰাহকাৰীক আটক

■ গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ শদিলাপুৰত আৰক্ষীয়ে কালি অভিযান চলাই প্রাঞ্জল দাস নামৰ এজন ড্রাগ্‌ছ সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে ১০ টা হেৰ'ইন ভর্তি কণ্টেইনাৰ জব্দ কৰে। ধৃত প্রাঞ্জল দাস বৰ্তমান জালুকবাৰী আৰক্ষীৰ জিম্মাত আছে। ইপিনে, মহানগৰীৰ পাণবজাৰ আৰক্ষীয়ে কালি বুজন পৰিমাণৰ ড্ৰাগছসহ জহুৰা পাৰবিন নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে মহিলাগৰাকীৰ পৰা হেৰ'ইন ভর্তি ৫০ টা কণ্টেইনাৰ আৰু নগদ টকা জব্দ কৰে। আৰক্ষীৰ আন এটা অভিযা...

March 31, 2025 12:10 PM

views 44

যোৰহাটৰ ভেলোগুৰিত গঁড়ৰ খড়্গা আৰু বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ, এজনক গ্ৰেপ্তাৰ

যোৰহাট জিলাৰ মৰিয়নি থানাৰ অন্তৰ্গত ভেলোগুৰিত কালি আৰক্ষীয়ে এটা গঁড়ৰ খড়্গা আৰু বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰে। লোকজন উৎপল হাজৰিকা ওৰফে ভাইটি বুলি চিনাক্ত কৰা হৈছে। এই লোকজন দীৰ্ঘদিন ধৰি মাদকদ্রব্য সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগ আৰক্ষীয়ে লাভ কৰি যোৱা কেইবামাহ ধৰি তেওঁৰ সন্ধান চলাই আছিল। লোকজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা-পোছা কৰি আছে।