December 1, 2025 8:35 PM

views 12

শ্ৰীভূমিৰ চূড়াইবাৰী তালাচী চকীত বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্যসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিচাযুক্ত দ্রব্যবিৰোধী অভিযানৰ অংশ হিচাপে শ্ৰীভূমি আৰক্ষীয়ে আজি চূড়াইবাৰী তালাচী চকীত বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্যসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ত্ৰিপুৰাৰ জিৰাণিয়া নিবাসী সৰবৰাহকাৰীজনে মেঘালয়লৈ নিচাযুক্ত সামগ্ৰীখিনি লৈ যোৱাৰ পথত শ্রীভূমিৰ চূড়াইবাৰীত আৰক্ষীয়ে তালাচী চলাই সামগ্ৰীখিনি উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীখিনিৰ বজাৰ মূল্য প্রায় ২ কোটি টকা হ'ব বুলি শ্রীভূমি আৰক্ষীয়ে জানিবলৈ দিছে।