October 7, 2025 11:57 AM October 7, 2025 11:57 AM

views 45

ভাৰত-নেপাল সীমান্তত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে এন চি বি আৰু সশস্ত্ৰ সীমা বলে সমন্বয়েৰে কাম কৰাৰ সিদ্ধান্ত

● ভাৰত-নেপাল সীমান্তত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে সৰৱ হোৱাৰ লক্ষ্যৰে নাৰ্কটিক কণ্ট্ৰল ব্যুৰো (এন চি বি) আৰু সশস্ত্ৰ সীমা বলে সমন্বয়েৰে কাম কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কালি নতুন দিল্লীত এনচিবিৰ সঞ্চালক প্রধান অনুৰাগ গাৰ্গ আৰু এছএছবিৰ সঞ্চালকপ্রধান সঞ্জয় সিংঘালে এই সন্দৰ্ভত আলোচনা কৰে। বৈঠকৰ মূল লক্ষ্য আছিল- চোৰাংচোৱা তথ্য বিনিময়, যৌথ কাৰ্য্যকলাপ, সমৰ্থ বিকাশৰ পদক্ষেপ, চোৰাংচোৱাৰ দৰে ক্ষেত্ৰত এন চি বি আৰু এছ এছ বিৰ সহযোগিতা তথা সমন্বয় শক্তিশালী কৰা। বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা কটকটীয়া কৰাৰ লগতে সৰ...

July 23, 2025 8:56 PM July 23, 2025 8:56 PM

views 22

বকোত অভিযান চলাই প্রায় ১ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কামৰূপ আৰক্ষীৰ

কামৰূপ আৰক্ষীয়ে আজি বকোত অভিযান চলাই প্রায় ১ কোটি টকা মূল্যৰ হেৰ'ইন জব্দ কৰে। গুৱাহাটীৰ পৰা মানকাচৰ অভিমুখী এখন বাহনৰ পৰা ড্ৰাগছখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলা অভিযান ড্ৰাগছখিনি জব্দ কৰা হয়।

June 19, 2025 12:23 PM June 19, 2025 12:23 PM

views 21

পাণ্ডুৰ শদিলাপুৰত আৰক্ষীৰ অভিযানত ড্রাগ্‌ছ সৰবৰাহকাৰীক আটক

■ গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ শদিলাপুৰত আৰক্ষীয়ে কালি অভিযান চলাই প্রাঞ্জল দাস নামৰ এজন ড্রাগ্‌ছ সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে ১০ টা হেৰ'ইন ভর্তি কণ্টেইনাৰ জব্দ কৰে। ধৃত প্রাঞ্জল দাস বৰ্তমান জালুকবাৰী আৰক্ষীৰ জিম্মাত আছে। ইপিনে, মহানগৰীৰ পাণবজাৰ আৰক্ষীয়ে কালি বুজন পৰিমাণৰ ড্ৰাগছসহ জহুৰা পাৰবিন নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে মহিলাগৰাকীৰ পৰা হেৰ'ইন ভর্তি ৫০ টা কণ্টেইনাৰ আৰু নগদ টকা জব্দ কৰে। আৰক্ষীৰ আন এটা অভিযা...

June 10, 2025 8:01 PM June 10, 2025 8:01 PM

views 26

যুৱচামক ড্ৰাগছৰ আসক্তিৰ পৰা মুক্তৰ উদ্দেশ্যে পঞ্জাব চৰকাৰৰ ২০০ গৰাকী মনোৰোগ বিশেষজ্ঞ নিয়োগৰ সিদ্ধান্ত

পঞ্জাব চৰকাৰে ৰাজ্যখনত যুৱচামক ড্ৰাগছৰ আসক্তিৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে যাৱতীয় সহযোগিতা আৰু পৰামৰ্শ প্ৰদানৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ২০০ গৰাকী মনোৰোগ বিশেষজ্ঞ নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। পঞ্জাব চৰকাৰে ৰাজ্যখনৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ বাবে আৰম্ভ কৰা য়ুধ নাছিয়ান বিৰুধ অর্থাৎ ড্ৰাগছৰ বিৰুদ্ধে যুঁজ কাৰ্যসূচীৰ উপ-সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে ড্ৰাগছৰ ওপৰত নিৰ্ভৰশীল ৰোগীসকলক পাৰ্যমানে মানসিক আৰু আৱেগিক সমৰ্থন প্রদানেৰে তেওঁলোকক এই আসক্তিৰ পৰা মুক্ত কৰাৰ চেষ্টা কৰা হ'ব। ...

December 13, 2024 6:32 PM December 13, 2024 6:32 PM

views 25

নগাঁও চহৰৰ সমীপৱৰ্তী ধেপাজান কুটাইনি অঞ্চলত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আজাজুল হক নামৰ এজন যুৱকক আটক

নগাঁও জিলাৰ মৰিকলং আৰক্ষীয়ে কালি নিশা নগাঁও চহৰৰ সমীপৱৰ্তী ধেপাজান কুটাইনি অঞ্চলত অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছসহ আজাজুল হক নামৰ এজন যুৱকক আটক কৰে। আৰক্ষীয়ে ধৃত যুৱকজনৰ পৰা তিনিটা ড্ৰাগছ ভৰ্তি কণ্টেনাসহ প্রায় ৮৫৩ টা নিষিদ্ধ টেবলেট আৰু নগদ ধন জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

May 16, 2024 8:31 PM May 16, 2024 8:31 PM

views 29

কাৰ্বি আংলঙত বাৰ্মিজ চিগাৰেটসহ মহাৰাষ্ট্ৰৰ দুজন সৰবৰাহকাৰীক আটক

কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষীয়ে আজি এখন ট্ৰাকৰ পৰা বাৰ্মিজ চিগাৰেটৰ ২৭টা কাৰ্টন জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে। আটক কৰা লোক দুজন মহাৰাষ্ট্ৰৰ বুলি জানিব পৰা গৈছে। সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা লোক দুজনে মণিপুৰৰ পৰা কলকাতালৈ চিগাৰেটসমূহ নিয়াৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইপিনে, ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা আৰক্ষী আৰু চাপৰ থানাৰ আৰক্ষীৰ এটা দলে বহলপুৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰে। এই অভিযানত এজন সৰবৰাহকাৰীকো আটক কৰা হৈছে। বঙাইগাঁও জিলাৰ গোলাপাৰা প্ৰথম খণ্ড নিবাস...

April 4, 2024 6:49 PM April 4, 2024 6:49 PM

views 13

ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰঃ কেন্দ্ৰীয় চৰকাৰ

♦ চৰকাৰে একাংশ সংবাদ মাধ্যমযোগে ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰিছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে কৈছে যে, এই বাতৰিসমূহত ৫০০ বিধৰো অধিক ঔষধৰ ক্ষেত্ৰত মূল্য বৃদ্ধিৰ প্ৰভাৱ পৰিব বুলি দাবী কৰা হৈছে যদিও প্রকৃততে এই বাতৰিসমূহ ভূৱা-বিভ্ৰান্তিকৰ আৰু অসূয়াপূর্ণ। ভেষজ বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় ভেষজ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে প্ৰতি বছৰে পাইকাৰী মূল্য সূচ্যাংকৰ ভিত্তিত ঔষধৰ সৰ্বোচ্চ মূল্যৰ সাল-সলনি কৰে। মন্ত্ৰালয়ে কৈছে যে, ৭৮২ বিধ ঔষধৰ বৰ্তমানৰ সর...

April 4, 2024 1:23 PM April 4, 2024 1:23 PM

views 24

অভয়াপুৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ২৫ টা হেৰ’ইন ভর্তি কণ্টেইনাসহ এটা সৰবৰাহকাৰীক আটক

♦ বঙাইগাঁও জিলাৰ অভয়াপুৰীত কালি আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ২৫ টা হেৰ'ইন ভর্তি কণ্টেইনাসহ এটা সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীটো অভয়াপুৰীৰ ডুমুৰীয়া তৃতীয় খণ্ডৰ জাকিৰ আলী বুলি জানিব পৰা গৈছে। আনহাতে, নগাঁৱৰ ৰূপহীহাটত আৰক্ষীয়ে অভিযান চলাই তিনিটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ মণিৰুদ্দিন নামৰ সৰবৰাহকাৰীক আটক কৰে। ইফালে, লোকসভা নির্বাচনৰ পৰিপ্ৰেক্ষিতত গঠন কৰা নিৰীক্ষণকাৰী দলে কালি কামৰূপ জিলাৰ ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা ম...