August 3, 2024 8:39 PM

views 13

ৰাজ্যত আধৰুৱাকৈ শিক্ষা ত্যাগ কৰা নাইবা ড্রপআউট ছাত্ৰীৰ সংখ্যা বৃদ্ধিক লৈ বৰপেটাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পৰ্যালোচনা সভা

ৰাজ্যখনত আধৰুৱাকৈ শিক্ষা ত্যাগ কৰা নাইবা ড্রপআউট ছাত্ৰীৰ সংখ্যা বৃদ্ধিক লৈ শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে উদ্বিগ্নতা প্রকাশ কৰিছে। আজি বৰপেটাত মন্ত্ৰীগৰাকীয়ে এই বিষয়টোক লৈ এখন বিভাগীয় পর্যালোচনা সভাত অংশ লয়। সভাত লাভ কৰা তথ্যৰ ভিত্তিত মন্ত্ৰীগৰাকীয়ে কয় যে, অলপতে ইউনিচেফৰ পৰাও ৰাজ্যৰ শিক্ষা বিভাগে এনেধৰণৰ তথ্য লাভ কৰিছে। তথ্য অনুসৰি সংখ্যালঘু বসতিপ্রধান, চৰ অঞ্চল, জনজাতীয় অঞ্চল আৰু চাহ বাগিচা অঞ্চলত আধৰুৱাকৈ শিক্ষা জীৱন ত্যাগ কৰা ছাত্ৰীৰ সংখ্যা অধিক বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে বৰপ...