December 26, 2024 12:25 PM

views 18

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা

ৰাজ্যত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ বিষয়টো লৈ ৰাজ্য চৰকাৰ চিন্তিত হোৱাৰ লগতে এই দিশত যথোচিত ব্যৱস্থাও গ্ৰহণ কৰিছে। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জনোৱা অনুসৰি ইতিমধ্যে ৰাজ্য চৰকাৰে যিকেইখন জিলাত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে সেয়া চিনাক্ত কৰি এই দিশত তৎপৰতাৰে কাৰ্যপন্থা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ৰাজ্যত মূলতঃ চাহ বাগিচা আৰু চৰ অঞ্চলসমূহত সৰ্বাধিক ছাত্র-ছাত্রীয়ে আধাতেই বিদ্যালয় ত্যাগ কৰাৰ তথ্য পোহৰলৈ আহিছে। ইয...