October 15, 2025 9:28 PM

views 24

ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত চালক প্রশিক্ষন কেন্দ্র স্থাপন

অসম চৰকাৰে নিবনুৱা যুৱক-যুৱতীক স্বাৱলম্বী কৰাৰ লগতে দক্ষ চালক গঢ় দিয়াৰ বাবে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে চালক প্রশিক্ষন কেন্দ্র স্থাপন কৰিব। ইতিপূৰ্বে ৰাজ্যৰ বাজেটত ইয়াৰ বাবে অনুমোদন দিয়া হৈছে আৰু শীঘ্ৰে এই কেন্দ্ৰসমূহ প্ৰতিষ্ঠা কৰা হ'ব। পৰিবহন মন্ত্ৰী যোগেন মহনে এই বিষয়ে প্ৰকাশ কৰে। ইয়াৰ ফলত বহু যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিব। তদুপৰি চালকসকল দক্ষ আৰু প্ৰশিক্ষিত হোৱাৰ ফলত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

September 18, 2025 8:55 PM

views 24

দক্ষ চালক সৃষ্টিৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ চালক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে দক্ষ চালক সৃষ্টিৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ চালক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্রীসভাই এই সন্দৰ্ভত অতি সোনকালে এটা প্ৰস্তাৱ গ্ৰহণ কৰিব বুলি পৰিবহণ মন্ত্ৰী যোগেন মহনে সদৰি কৰিছে। হাউলীত আজি ৰাজ্যৰ দ্বিতীয়টো চালক প্ৰশিক্ষণ কেন্দ্ৰ আৰু স্বয়ংক্রিয় ড্রাইভিং টেষ্ট ট্রেক উদ্বোধন কৰি মন্ত্ৰী শ্ৰীমহনে কয় যে চৰকাৰৰ এই সিদ্ধান্তৰ ফলত যুৱ সমাজৰ বাবে সংস্থাপনৰ নতুন পথ মুকলি হ'ব। ইয়াৰ ফলত দুৰ্ঘটনা ৰোধ, যান-জঁটৰ সমস্যা, তীব্ৰ গতি আৰু সুৰাপান কৰি গাড়ী চ...