November 6, 2025 10:45 AM

views 34

শনিবাৰে আকাশবাণী গুৱাহাটীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান

■ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৬৯ বছৰীয়া ইতিহাসত বহুকেইগৰাকী সাংবাদিক আৰু সংবাদকর্মীয়ে বিভাগটোলৈ সেৱা আগবঢ়াই গৈছে। জীৱন আৰু জীৱিকাৰ সন্ধানত অথবা সাংসাৰিক প্ৰয়োজনত পৰৱৰ্তী কালত এওঁলোকৰ বহুকেইগৰাকীয়ে আন ক্ষেত্ৰলৈ যাবলগীয়া হ'ল আৰু নিজ নিজ ক্ষেত্ৰত প্রসিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ'ল। কিন্তু তেওঁলোকে আজিও বুকুত কঢ়িয়াই ফুৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সুমধুৰ স্মৃতি। এনে কেইগৰাকীমান প্রাক্তন সতীৰ্থৰ স্মৃতি ৰোমন্থনেৰে মুখৰিত হ'ব অহা শনিবাৰ ৮ নৱেম্বৰৰ নিশা আকাশবাণীৰ ষ্টুডিঅ'ত সেইদিনা...

October 24, 2025 12:30 PM

views 45

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানতৰ কাইলৈ বিষয় গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ

১৯৮৫ চনৰ ২৪ মাৰ্চত তেতিয়াৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পুৰণি প্রসূতি কক্ষ এটাক উন্নীত কৰা হৈছিল এটা টেলিভিছনৰ ষ্টুডিঅ'লৈ। এয়াই আছিল গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আৰম্ভণি। অসম তথা উত্তৰ পূর্বাঞ্চলত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ বাতৰি প্ৰচাৰ আৰম্ভ হৈছিল। বহু ঘটনাৰ সাক্ষী এই গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বিভাগ। কাইলৈ নিশা ৮ বাজি দুই মিনিটৰ দৃষ্টিপাত অনুষ্ঠানৰো বিষয় এই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ। ইয়াত লগ পাব বাতৰি বিভাগৰ জন্ম লগ্নৰ পৰা জড়িত কেইগৰাকীমান বিষয়া কৰ্মচাৰী আৰু পৰিৱেশকক। অনুষ্ঠানটোৰ পৰি...

October 18, 2025 12:55 PM

views 28

যাত্রীবাহী ৰে’ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণীত আজি বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ

অসমত ৰে'ল সেৱা বিশেষকৈ যাত্রীবাহী ৰে'ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ছিতু সিং হাজং, সাংবাদিক ত্ৰিদীপ লহকৰ আৰু অসম ৰে'লযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰে'ল সেৱাৰ সাম্প্ৰতিক অবস্থা সম্পৰ্কত আলোচনা কৰিব। এই আলোচনাৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্ববী ৰাজীৱ লোচন বৰঠাকু...

October 4, 2025 12:56 PM

views 31

সামাজিক মাধ্যমে অনা পৰিৱৰ্তন আৰু সমাজ সন্দৰ্ভত আকাশবাণীৰ আজি বিশেষ দৃষ্টিপাত অনুষ্ঠান

সামাজিক মাধ্যমে অনা পৰিৱৰ্তন আৰু সমাজ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত এটি বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। সমাজকর্মী অৰ্চনা বৰঠাকুৰ আৰু অধিবক্তা নন্দিতা তালুকদাৰে এই অনুষ্ঠানত অংশ ল'ব। অনুষ্ঠানটোৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

September 27, 2025 7:46 PM

views 13

আকাশবাণীত আজি জি এছ টিৰ দৰ হ্ৰাসৰ ফলত গ্ৰাহকসকল কেনেধৰণে উপকৃত হ’ব সেই বিষয়ে এটা ক্ষেত্রভিত্তিক বিশ্লেষণ প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত জি এছ টিৰ দৰ হ্ৰাসৰ ফলত গ্ৰাহকসকল কেনেধৰণে উপকৃত হ'ব সেই বিষয়ে এটা ক্ষেত্রভিত্তিক বিশ্লেষণ প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ঔষধ আৰু ঔষধজাতীয় সামগ্ৰী, নিত্য ব্যৱহাৰ্য সামগ্ৰী, দুচকীয়া বাহন আৰু গাড়ীৰ ক্ষেত্ৰত মূল্যৰ পৰিৱৰ্তন সম্পৰ্কত সংশ্লিষ্ট বিক্ৰেতা আৰু সংশ্লিষ্ট বিক্রেতা সংস্থাসমূহৰ বক্তব্য শুনিবলৈ পাব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

September 12, 2025 12:56 PM

views 26

আকাশবাণীৰ কাইলৈ দৃষ্টিপাত অনুষ্ঠানত প্রধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত বিশেষ প্ৰচাৰ

প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। জ্যেষ্ঠ সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষকে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফোনযোগে সংযুক্ত হ'ব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।

September 2, 2025 7:23 PM

views 49

৬ ছেপ্তেম্বৰত আকাশবাণীৰ দৃষ্টিপাতত ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকীৰ সৈতে সংগতি ৰাখি বিশেষ অনুষ্ঠান প্ৰচাৰ

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকীৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ৬ ছেপ্তেম্বৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত গীতিকাৰ, সাহিত্যিক, সাংবাদিক আৰু চিত্ৰকৰ হিচাপে ড° ভূপেন হাজৰিকাৰ মূল্যায়ন কৰাৰ প্ৰয়াস কৰা হ'ব। বিশিষ্ট গীতিকাৰ ড° দিনেশ বৈশ্য, বিশিষ্ট নিৱন্ধকাৰ ড° পৰমানন্দ মজুমদাৰ আৰু বিশিষ্ট সাংবাদিক মণি মহন্তই ভাগ ল'বলগীয়া এই আলোচনাৰ অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ম...

August 14, 2025 7:26 PM

views 22

শনিবাৰে আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত “স্বাধীনতাৰ প্রত্যাশা-কি পালো, কি নাপালো” শীৰ্ষক বিশেষ অনুষ্ঠান প্ৰচাৰ

 আকাশবাণী গুৱাহাটী কেন্দ্ৰই স্বাধীনতাৰ ৭৮ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰচাৰ কৰি অহা অনুষ্ঠানমালাৰ অংশ হিচাপে অহা ১৬ আগষ্ট শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। "স্বাধীনতাৰ প্রত্যাশা-কি পালো, কি নাপালো" শীৰ্ষক এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে স্বৰাজোত্তৰ কালৰ অভিজ্ঞতা ব্যক্ত কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।

August 9, 2025 12:07 PM

views 39

আকাশবাণীৰ দৃষ্টিপাতত আজি স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীৰ্ষক বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেইবাটাও বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। এনে অনুষ্ঠানসূচীৰ অংশ হিচাপে আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ’ব। এই আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশন বিভাগে প্ৰকাশ কৰা বহু সমাদৃত ইংৰাজী গ্ৰন্থ –Untold Stories of the Freedom struggle from North East India ৰ ৰচক তথা বিশিষ্ট সাংবাদিক, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য্য ড০ সমুদ্ৰ...

July 11, 2025 8:04 PM

views 39

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা পৰিষদ ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱাহাটী তাৰিণী চৰণ চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোৎস্না ভাগৱতীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।