September 27, 2025 7:46 PM September 27, 2025 7:46 PM

views 5

আকাশবাণীত আজি জি এছ টিৰ দৰ হ্ৰাসৰ ফলত গ্ৰাহকসকল কেনেধৰণে উপকৃত হ’ব সেই বিষয়ে এটা ক্ষেত্রভিত্তিক বিশ্লেষণ প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত জি এছ টিৰ দৰ হ্ৰাসৰ ফলত গ্ৰাহকসকল কেনেধৰণে উপকৃত হ'ব সেই বিষয়ে এটা ক্ষেত্রভিত্তিক বিশ্লেষণ প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ঔষধ আৰু ঔষধজাতীয় সামগ্ৰী, নিত্য ব্যৱহাৰ্য সামগ্ৰী, দুচকীয়া বাহন আৰু গাড়ীৰ ক্ষেত্ৰত মূল্যৰ পৰিৱৰ্তন সম্পৰ্কত সংশ্লিষ্ট বিক্ৰেতা আৰু সংশ্লিষ্ট বিক্রেতা সংস্থাসমূহৰ বক্তব্য শুনিবলৈ পাব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

September 12, 2025 12:56 PM September 12, 2025 12:56 PM

views 17

আকাশবাণীৰ কাইলৈ দৃষ্টিপাত অনুষ্ঠানত প্রধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত বিশেষ প্ৰচাৰ

প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। জ্যেষ্ঠ সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষকে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফোনযোগে সংযুক্ত হ'ব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।

September 2, 2025 7:23 PM September 2, 2025 7:23 PM

views 41

৬ ছেপ্তেম্বৰত আকাশবাণীৰ দৃষ্টিপাতত ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকীৰ সৈতে সংগতি ৰাখি বিশেষ অনুষ্ঠান প্ৰচাৰ

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকীৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ৬ ছেপ্তেম্বৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত গীতিকাৰ, সাহিত্যিক, সাংবাদিক আৰু চিত্ৰকৰ হিচাপে ড° ভূপেন হাজৰিকাৰ মূল্যায়ন কৰাৰ প্ৰয়াস কৰা হ'ব। বিশিষ্ট গীতিকাৰ ড° দিনেশ বৈশ্য, বিশিষ্ট নিৱন্ধকাৰ ড° পৰমানন্দ মজুমদাৰ আৰু বিশিষ্ট সাংবাদিক মণি মহন্তই ভাগ ল'বলগীয়া এই আলোচনাৰ অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ম...

August 14, 2025 7:26 PM August 14, 2025 7:26 PM

views 10

শনিবাৰে আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত “স্বাধীনতাৰ প্রত্যাশা-কি পালো, কি নাপালো” শীৰ্ষক বিশেষ অনুষ্ঠান প্ৰচাৰ

 আকাশবাণী গুৱাহাটী কেন্দ্ৰই স্বাধীনতাৰ ৭৮ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰচাৰ কৰি অহা অনুষ্ঠানমালাৰ অংশ হিচাপে অহা ১৬ আগষ্ট শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। "স্বাধীনতাৰ প্রত্যাশা-কি পালো, কি নাপালো" শীৰ্ষক এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে স্বৰাজোত্তৰ কালৰ অভিজ্ঞতা ব্যক্ত কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।

August 9, 2025 12:07 PM August 9, 2025 12:07 PM

views 23

আকাশবাণীৰ দৃষ্টিপাতত আজি স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীৰ্ষক বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেইবাটাও বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। এনে অনুষ্ঠানসূচীৰ অংশ হিচাপে আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ’ব। এই আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশন বিভাগে প্ৰকাশ কৰা বহু সমাদৃত ইংৰাজী গ্ৰন্থ –Untold Stories of the Freedom struggle from North East India ৰ ৰচক তথা বিশিষ্ট সাংবাদিক, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য্য ড০ সমুদ্ৰ...

July 11, 2025 8:04 PM July 11, 2025 8:04 PM

views 30

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা পৰিষদ ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱাহাটী তাৰিণী চৰণ চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোৎস্না ভাগৱতীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

July 2, 2025 8:32 PM July 2, 2025 8:32 PM

views 6

শনিবাৰে আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত শচীন গগৈৰ সৈতে মুকলি বাৰ্তালাপ প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইয়াৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অহা ৫ জুলাই, শনিবাৰে নিশা ৮ বাজি দুই মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত বি বি চিৰ নতুন দিল্লীস্থিত সম্পাদনা মেজৰ সাংবাদিক শচীন গগৈৰ সৈতে এটা মুকলি বাৰ্তালাপ প্ৰচাৰ কৰিব। শ্ৰী গগৈৰ সৈতে এই অন্তৰংগ বাৰ্তালাপত ভাগ ল’ব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে।

June 15, 2025 12:30 PM June 15, 2025 12:30 PM

views 8

বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপকৰ নতুন পদ সৃষ্টিৰ বাবে কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ৰ অনুদান বিচাৰিবলৈ অধ্যাপক ড° সংগীতা শ‍ইকীয়াইৰ আহ্বান

বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপকৰ নতুন পদ সৃষ্টিৰ বাবে কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ৰ অনুদান বিচাৰিবলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অনুৰোধ জনাবলৈ বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰবী অধ্যাপক ড° সংগীতা শ‍ইকীয়াই আহ্বান জনাইছে। অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছত এই বিষয়ৰ প্ৰথমখন গৱেষণা পত্ৰৰ প্ৰকাশৰ তত্বাৱধায়ক অধ্যাপক ড০ শ‍ইকীয়া আৰু গৱেষিকা ফেন্সী চুতিয়াৰ কথোপকথনৰ কালিৰ দৃষ্টিপাত অনুষ্ঠানত অধ্যাপকগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে অসম চৰকাৰে যোৱা বছৰ বিশ্ব ভাৰতী ...

June 14, 2025 7:52 PM June 14, 2025 7:52 PM

views 12

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি ড° সংগীতা শ‍ইকীয়া আৰু ফেন্সী চুতিয়াৰ সৈতে কথোপকথন

আকাশবাণী গুৱাহাটীৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হবলগীয়া দৃষ্টিপাত অনুষ্ঠানত আজি শুনিবলৈ পাব অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যদা লাভ কৰাৰ পাছত এই বিষয়ৰ প্ৰথমখন গৱেষণা পত্ৰৰ প্ৰকাশৰ তত্বাৱধায়ক অধ্যাপক, বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ড° সংগীতা শ‍ইকীয়া আৰু গৱেষিকা ফেন্সী চুতিয়াৰ সৈতে কথোপকথন । কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত তৈল প্ৰতিষ্ঠানৰ পৰা গেছ নির্গমনজনিত দুর্ঘটনা সন্দৰ্ভত তথ্য চিত্র নির্মাতা জয়চেং জয়দহোতিয়া আৰু আমাৰ শিৱসাগৰৰ সংবাদদাতা মুজাহিদ...

June 6, 2025 8:53 PM June 6, 2025 8:53 PM

views 11

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত আকাশবাণীৰ বাতৰি কক্ষৰ বাহিৰতো এটা নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হোৱা কেইগৰাকীমান বাতৰি পঢ়োতাৰ সৈতে অন্তৰংগ আলাপ প্ৰচাৰ কৰা হ'ব। আকাশবাণী বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে এই অনুষ্ঠানত অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ তিনিগৰাকী বাতৰি পৰিৱেশকে।