January 23, 2026 6:45 PM

views 9

আকাশবাণীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত কাইলৈ ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ’ শীর্ষক আলোচনা প্ৰচাৰ

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত আকাশবাণী গুৱাহাটীৰ 'দৃষ্টিপাত' অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত 'মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ' শীর্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্রহণ কৰিব জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধি ড০ সূর্য দাস, মহিলা সমাজৰ প্ৰতিনিধি মিনাক্ষী কাকতি আৰু ছাত্ৰ সমাজৰ প্ৰতিনিধি অৰুণাভ হাজৰিকাই। অনুষ্ঠানৰ আঁত ধৰিব জিন্টী ৰাণী ডেকাই। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্রযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।

January 16, 2026 12:30 PM

views 33

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ শিল্পী দিৱস উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন অর্থাৎ শিল্পী দিৱস উপলক্ষে কাইলৈ বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ পৰা বাতৰি বিভাগৰ বাতৰি পঢ়োতা, বাতৰি সম্পাদক, ডিটিপি কৰ্মচাৰী আৰু সহায়কসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, কবিতা আৰু নাটকৰ সংলাপ পৰিৱেশন কৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ফে'চবুক আৰু ইউটিউবত অনুষ্ঠানটো বিৰতিবিহীনভাৱে প্ৰচাৰিত হ'ব।...

January 2, 2026 12:37 PM

views 4

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ গ্রন্থবর্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সম্পর্কত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত গ্রন্থবর্ষ, গ্ৰন্থৰ চাহিদা আৰু ভবিষ্যত সম্পর্কত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত বিশিষ্ট প্রকাশক তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড° সূর্যকান্ত হাজৰিকা আৰু লেখক, অনুবাদক মনস্বিনী ৰুণুমী মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ প্রযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

December 18, 2025 7:12 PM

views 12

শনিবাৰে আকাশবাণীৰ দৃষ্টিপাতত কেন্দ্ৰীয় চৰকাৰৰ নতুন ১২৫ দিনীয়া নিয়োগ নিশ্চিত আঁচনি সন্দর্ভত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন ১২৫ দিনীয়া নিয়োগ নিশ্চিত আঁচনি সন্দর্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্র ড° দেৱজিৎ মহন্তই অংশগ্রহণ কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

December 12, 2025 7:59 PM

views 7

আকাশবাণী গুৱাহাটীৰ কাইলৈৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী’ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব শিশু বিকাশ প্ৰকল্পৰ ছিপাঝাৰৰ প্ৰকল্প বিষয়া প্রণীতা তালুকদাৰ আৰু ৰামপুৰ শিশু বিকাশ প্ৰকল্পৰ প্রকল্প বিষয়া গীতা দেৱীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব জিণ্টীৰাণী ডেকাই। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু প্ৰযোজনা সহযোগী হৈছে আমিনুল ইছলাম।

December 12, 2025 11:42 AM

views 12

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব শিশু বিকাশ প্ৰকল্পৰ ছিপাঝাৰৰ প্ৰকল্প বিষয়া প্রণীতা তালুকদাৰ আৰু ৰামপুৰ শিশু বিকাশ প্ৰকল্পৰ প্ৰকল্প বিষয়া গীতা দেবীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব জিণ্টীৰাণী ডেকাই। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু প্রযোজনা সহযোগী হৈছে আমিনুল ইছলাম।

December 5, 2025 6:49 PM

views 14

ৰাজ্যৰ কৃষিক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা-সুবিধা সন্দৰ্ভত আকাশবাণীত কাইলৈ দৃষ্টিপাত অনুষ্ঠান

ৰাজ্যৰ কৃষিক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা-সুবিধা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্রাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া সুপ্রিয়া বৰাই অংশ ল'ব। অনুষ্ঠানত কেইবাগৰাকীও কৃষকে নিজৰ অভিজ্ঞতা বিনিময় কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

November 22, 2025 7:17 PM

views 22

দৃষ্টিপাতত আজি প্রতিযোগিতামূলক পৰীক্ষাত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষার্থীৰ অন্তৰায় সন্দৰ্ভত আলোচনা

সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষার্থীয়ে প্রতিযোগিতামূলক পৰীক্ষাত সফলতা লাভকৰাত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি? বর্তমান সময়ত ৰাজ্যৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিবেশ কেনে? এনে কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিব এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান। এই অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য আনিছ উজ জামান, অধিবক্তা তথা সমাজকর্মী কৈলাশ চন্দ্র শর্মা আৰু জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাই অংশগ্রহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্রযোজনা আকাশবাণী গুৱাহাটী...

November 20, 2025 12:26 PM

views 8

প্রতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাত মাতৃভাষা মাধ্যম অন্তৰায় নেকি এই সন্দৰ্ভত শনিবাৰৰ বিশেষ দৃষ্টিপাত

সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষার্থীয়ে প্রতিযোগিতামূলক পৰীক্ষাত সফলতা লাভকৰাত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি? বর্তমান সময়ত ৰাজ্যৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিৱেশ কেনে? এনে কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি বাতৰি বিভাগে অহা ২২ নবেম্বৰ, শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিব এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান। এই অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য, অধিবক্তা তথা সমাজকর্মী আৰু সাংবাদিকে অংশগ্রহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন ...

November 6, 2025 7:46 PM

views 32

আকাশবাণীৰ শনিবাৰ দৃষ্টিপাত অনুষ্ঠানত এইবাৰ কেইগৰাকীমান প্ৰাক্তন সতীৰ্থৰ স্মৃতি ৰোমন্থন

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৬৯ বছৰীয়া ইতিহাসত বহুকেইগৰাকী সাংবাদিক আৰু সংবাদকর্মীয়ে বিভাগটোলৈ সেৱা আগবঢ়াই গৈছে। জীবন আৰু জীৱিকাৰ সন্ধানত অথবা সাংসাৰিক প্ৰয়োজনত পৰৱৰ্তী কালত এওঁলোকৰ বহুকেইগৰাকীয়ে আন ক্ষেত্ৰলৈ যাবলগীয়া হ'ল আৰু নিজ নিজ ক্ষেত্ৰত প্রসিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ'ল। কিন্তু তেওঁলোকে আজিও বুকুত কঢ়িয়াই ফুৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সুমধুৰ স্মৃতি। এনে কেইগৰাকীমান প্ৰাক্তন সতীৰ্থৰ স্মৃতি ৰোমন্থনেৰে মুখৰিত হ'ব অহা শনিবাৰ ৮ নৱেম্বৰৰ নিশা আকাশবাণীৰ ষ্টুডিঅ। সেইদিনা নিশা ৮ বা...