July 17, 2025 9:16 PM

views 28

শনিবাৰে আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত জনপ্রিয় লেখক আৰুণি কাশ্যপৰ সৈতে কথোপকথন প্ৰচাৰ কৰা হ’ব

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ১৯ জুলাই শনিবাৰে আমেৰিকাৰ জর্জিয়া বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক তথা ইংৰাজী আৰু অসমীয়া ভাষাৰ জনপ্রিয় লেখক আৰুণি কাশ্যপৰ সৈতে এটা কথোপকথন প্ৰচাৰ কৰিব। নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰিত হ'বলগীয়া এই কথোপকথনত লেখকগৰাকীৰ সৈতে অংশগ্রহণ কৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে।

July 11, 2025 10:33 AM

views 19

শনিবাৰে নিশা ৮.০২ মিনিটত আকাশবাণীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত আলোচনা

■ আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা পৰিষদ ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱাহাটী তাৰিণী চৰণ চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোৎস্না ভাগৱতীয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

June 19, 2025 12:38 PM

views 35

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে শনিবাৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দৃষ্টিপাত অনুষ্ঠান

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত সদৌ অসম যোগ ক্রীড়া এছ'চিয়েচনৰ উপ-সভাপতি, যোগবিদ হৰিপ্ৰসাদ তালুকদাৰ আৰু যোগ প্ৰশিক্ষক হিমাদ্রী নাথ কাকতিয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব জিণ্টী ৰাণী ডেকাই। অনুষ্ঠান চলি থকা সময়ত আগ্রহী ব্যক্তিসকলে ২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে যোগ সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰিব পাৰিব ।

June 7, 2025 6:36 PM

views 21

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি কেইগৰাকীমান বাতৰি পঢ়োতাৰ সৈতে অন্তৰংগ আলাপ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত আকাশবাণীৰ বাতৰি কক্ষৰ বাহিৰতো এটা নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হোৱা কেইগৰাকীমান বাতৰি পঢ়োতাৰ সৈতে অন্তৰংগ আলাপ প্ৰচাৰ কৰা হ'ব। আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে এই অনুষ্ঠানত অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ তিনিগৰাকী বাতৰি পৰিৱেশকে।

June 1, 2025 11:45 AM

views 45

নৌ সেনা বাহিনীত নিয়োগৰ ক্ষেত্ৰত অপৰিসীম সা-সুবিধা আছে

● ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাতে কর্ম সংস্থাপনৰ সুবিধা গ্ৰহণৰ বাবে অসমৰ নতুন প্ৰজন্মৰ মাজত আগ্রহ আৰু সজাগতা সৃষ্টিৰ প্ৰয়োজন আছে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত নৌ-বাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্রিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে কালি এই কথা প্ৰকাশ কৰে। শ্ৰীচৌধুৰীয়ে কয়, যে নৌ সেনা বাহিনীত নিয়োগৰ ক্ষেত্ৰত অপৰিসীম সা-সুবিধা আছে যদিও অসমত ইয়াৰ নিযুক্তি কেন্দ্ৰ নথকা হেতুকে আৰু এই সম্পৰ্কত আগ্ৰহ আৰু সচেতনতাৰ অভাৱ হোৱা বাবে একেবাৰে কম সংখ্যক ...

May 29, 2025 6:36 PM

views 32

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কৰ্মসংস্থাপনৰ সুবিধা শীৰ্ষক বিশেষ আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে শনিবাৰে নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কৰ্মসংস্থাপনৰ সুবিধা শীৰ্ষক এটা বিশেষ আলোচনা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত নৌ-বাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্রিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে অপাৰেচন সিন্দূৰত সেনাবাহিনীৰ সফলতাৰ আঁৰৰ কথাও প্ৰকাশ কৰিব। এই অনুষ্ঠানটিৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ ১০১.৬ মেগাহার্টজ, অল ইণ্ডিয়া ...

May 3, 2025 12:18 PM

views 27

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

● অসমত আবৃত্তিৰ ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট গীতিকাৰ, শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° বিনীতা বৰা দেৱচৌধুৰী আৰু বিশিষ্টা আবৃত্তিকাৰ জুলিয়ানা বেগমে। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

April 27, 2025 12:04 PM

views 23

দৃষ্টিপাতঃ ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে উৎপাদিত সামগ্ৰীৰ গুণগতমানত গুৰুত্ব আৰোপ কৰিব লাগিব

ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে উৎপাদিত সামগ্ৰীৰ গুণগতমান বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিব লাগিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে দৃষ্টিপাত অনুষ্ঠান অংশগ্ৰহণ কৰি কালি ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট উদ্যমীয়ে এইদৰে মন্তব্য কৰে। অনুষ্ঠানত জে-ফ্ৰটিন ৰেষ্টুৰেণ্ট ব্ৰেণ্ডৰ স্বত্তাধিকাৰী দেৱ কুমাৰ বৰ্মনে কয়, যে কোনো মেনেজাৰ নিয়োগ কৰি বা আন কৰ্মচাৰীৰ জৰিয়তে এটা ব্ৰেণ্ড প্রতিষ্ঠা কৰিব পৰা নাযায়, সেই কাম উদ্যমীয়ে নিজেই কৰিব লাগিব। নিজৰ সফলতাৰ বিষয়ে উল্লেখ কৰি থলুৱাভাৱে উৎপাদিত কণীৰ ব্ৰেণ্ড বাহুবলীৰ স্বত্ত...

April 15, 2025 6:53 PM

views 25

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি আৰু অনুষ্ঠান সম্পৰ্কত শ্রোতা ৰাইজৰ মতামত আৰু অভিমত লোৱাৰ বাবে ফোন লাইন পুনৰ মুকলি

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে বাতৰি আৰু অনুষ্ঠান সম্পৰ্কত শ্রোতা ৰাইজৰ মতামত আৰু অভিমত লোৱাৰ বাবে ফোন লাইন পুনৰ মুকলি কৰিছে। আঞ্চলিক বাতৰি, ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক বাতৰি, জিলাৰ ৰেহৰূপ, দৃষ্টিপাত, সংবাদ চলন্তিকা, ক্রীড়া বাৰ্তা আৰু প্ৰাসংগিক অনুষ্ঠান সম্পৰ্কীয় অভিমত আৰু পৰামৰ্শ শ্ৰোতাসকলে ৯৮৬৪০ ৫৫৫৬৬ নম্বৰত ৱাটছএপ যোগে পঠিয়াব পাৰিব। এই অনুষ্ঠানৰ নিৰ্বাচিত অংশ অহা ১৯ এপ্রিল শনিবাৰে নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব।

April 11, 2025 8:31 PM

views 28

কাইলৈ অৰ্থাৎ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

আবৃত্তি এটা পৰিৱেশ্য কলা হ'ব পাৰেনে? সংগীত নাটক একাডেমীয়ে অসমীয়া ভাষাৰ আবৃত্তিক পৰিৱেশ্য কলাৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিভিন্ন বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আবৃত্তিৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তিয়ে মতামত আগবঢ়াব। আকাশবাণীৰ বাতৰি বিভাগে ১৩ এপ্রিল দেওবাৰে সন্ধিয়া ৭.৪৫ মিনিটত অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত ৰঙালী বিহু পালনৰ বিষয়ে এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই দুয়োটা অনুষ্ঠানৰ প...