September 11, 2025 12:58 PM

views 27

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান

● প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ১৩ ছেপ্তেম্বৰৰ শনিবাৰৰ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। জ্যেষ্ঠ সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষকে অংশগ্রহণ কৰিবলগীয়া এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফোনযোগে সংযুক্ত হ'ব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

September 7, 2025 12:20 PM

views 26

সমাজ এখনত বিভাজনমুখী প্ৰৱণতাক মষিমূৰ কৰি গীতেৰে এক কৰিব খোজা অনন্য মানসিকতাৰ অধিকাৰী ভূপেন হাজৰিকা আছিল মানৱীয়তাৰ প্ৰতিভূঃ আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠান

বিশ্ববন্দিত শিল্পী ভূপেন হাজৰিকাৰ বহুমাত্ৰিক প্ৰতিভাই ৰাজ্যৰ লগতে দেশৰ সমাজ-সংস্কৃতি, ইতিহাস আৰু সমসাময়িক ঘটনাক নিৰ্ভেজাল ৰূপত তুলি ধৰিছে। একক আৰু অভূতপূৰ্ব ব্যক্তিত্বৰ শিল্পীগৰাকী কেৱল কণ্ঠশিল্পী হিচাপে নহয়, এগৰাকী গীতিকাৰ, সাহিত্যিক, সাংবাদিক, চিত্ৰকৰ আৰু সমাজ জীৱনৰ দৃষ্টা হিচাপেও অনন্য আছিল। শিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত বিশিষ্ট গীতিকাৰ ড০ দিনেশ বৈশ্য, বিশিষ্ট নিৱন্ধকাৰ ড০ পৰমানন্দ মজুমদাৰ আৰু বিশিষ্ট সাংবাদিক মণি মহন্তই এই বিষয়ে প্রকাশ কৰে। ত...

August 24, 2025 12:48 PM

views 54

সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সতৰ্ক প্ৰহৰীৰ মূল ভূমিকাৰ পৰা আঁতৰি যোৱাৰ পৰিপ্ৰেক্ষিতত পঞ্চম স্তম্ভৰ প্ৰয়োজন হৈছে

■ একাংশ সংবাদ মাধ্যমে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সতৰ্ক প্ৰহৰীৰ মূল ভূমিকাৰ পৰা আঁতৰি যোৱাৰ পৰিপ্ৰেক্ষিতত পঞ্চম স্তম্ভৰ প্ৰয়োজন হৈছে। কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকে এই বিষয়ে প্রকাশ কৰে। অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক দ্যা হিন্দু কাকতৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাক্তন ব্যুৰো ছীফ সুশান্ত তালুকদাৰে কয়, যে সংবাদ মাধ্যমৰ স্বত্বাধিকাৰ সলনি হোৱাৰ লগে লগে সাংবাদিকতাৰ ধাৰাও সলনি হৈছে। তেজপুৰৰ মহাজাতি আৰু অগ্নিগড় কাকতৰ প্ৰাক্তন সহযোগী সম্পাদক অঞ্জন গোস্বামীয়ে কয় যে সাম্প...

August 21, 2025 9:13 PM

views 29

কেইগৰাকীমান বিশিষ্ট সাংবাদিকৰ সৈতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে সংবাদ মাধ্যম সম্পৰ্কে শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠান

বিধানমণ্ডল, কাৰ্য্যপালিকা আৰু ন্যায়পালিকাৰ পাছতেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে সংবাদ মাধ্যমে স্থান লাভ কৰি আহিছে। পৰিৱৰ্তিত সময়ত এই চতুৰ্থ স্তম্ভৰ লগতে পঞ্চম স্তম্ভৰো প্ৰয়োজন আহি পৰিছে নেকি? বা সংবাদ মাধ্যমে সৰ্বসাধাৰণ জনতাৰ আস্থা অটুট ৰাখিব পাৰিছেনে? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি অহা শনিবাৰ-২৩ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত লগ পাব একালত সক্রিয় সাংবাদিকতাত জড়িত কেইগৰাকীমান বিশিষ্ট সাংবাদিকক। এই অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকু...

August 10, 2025 11:52 AM

views 11

স্বাধীনতা আন্দোলনত শ্বহীদসকলৰ বাহিৰেও অগণন বীৰ সেনানীয়ে দেশৰ হকে উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই ৰণ কৰিছিল দৃষ্টিপাত অনুষ্ঠানত ড° সমুদ্র গুপ্ত কাশ্যপৰ মন্তব্য

ব্ৰিটিছ ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিশুৰ পৰা বৃদ্ধলৈ অগণন লোকে স্বাধীনতা আন্দোলনত স্বতস্ফূর্তভাৱে অংশ লৈছিল। স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা বুলি তথ্য থকাসকলৰ বাহিৰেও অগণন বীৰ সেনানীয়ে দেশৰ হকে উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই ৰণ কৰিছিল। সেই সমৃদ্ধ ইতিহাসক সামৰি বিস্তৰ গৱেষণাৰ থল আছে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিকা শীর্ষক আলোচনাত অংশলৈ Untold Stories of the Freedom struggle from North East Indiaৰ লেখক বিশিষ্ট সাংবাদিক, নাগ...

August 7, 2025 7:39 PM

views 19

৯ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীর্ষক বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেইবাটাও বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। এনে অনুষ্ঠানসূচীৰ অংশ হিচাপে অহা ৯ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীর্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ প্রকাশন বিভাগে প্রকাশ কৰা বহু সমাদৃত ইংৰাজী গ্ৰন্থ -Untold Stories of the Freedom struggle from North East India-ৰ ৰচক তথা বিশিষ্ট সাংবাদিক, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য্...

August 3, 2025 11:17 AM

views 25

বাণিজ্যিকভাৱে সফল চলচ্চিত্ৰৰ লগতে মুক্ত চিন্তাৰ চলচ্চিত্ৰৰো প্ৰয়োজন আছে

● বাণিজ্যিকভাৱে সফল চলচ্চিত্ৰৰ লগতে মুক্ত চিন্তাৰ চলচ্চিত্ৰৰো প্ৰয়োজন আছে। মুক্ত চিন্তাৰ চলচ্চিত্ৰই সমাজৰ প্ৰকৃত ছবি প্ৰতিফলত কৰে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত কালি ৰাজ্যখনৰ ৩ গৰাকী উদীয়মান চলচ্চিত্ৰ পৰিচালক অমৰদ্বীপ গগৈ, হিমজ্যোতি তালুকদাৰ আৰু ঝুলনকৃষ্ণ মহন্তই প্ৰকাশ কৰে। তেওঁলোকে কয় যে মুকলি চিন্তাৰ চলচ্চিত্ৰৰ ক্ষেত্ৰত পৰিচালক তথা কলা কুশলীসকলে স্বাৱলম্বী আৰু স্বয়ংসম্পূর্ণভাৱে সকলো কাম সম্পন্ন কৰে। সম্প্ৰতি ৰাজ্য আৰু দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ চিন্তাৰ চলচ্চিত্ৰৰ গুৰুত্ব লাভ...

August 1, 2025 9:23 PM

views 31

২ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ ২ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যখনৰ ৩ গৰাকী উদীয়মান চলচ্চিত্ৰ পৰিচালকৰ সৈতে এটা অন্তৰংগ আলাপ প্ৰচাৰ কৰিব। স্বাধীনচিতীয়া পৰিচালক হিচাপে পৰিচিত- অমৰদ্বীপ গগৈ, হিমজ্যোতি তালুকদাৰ আৰু ঝুলনকৃষ্ণ মহন্তৰ সৈতে অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মহাবাহু চেনেলৰ লগতে বাতৰি বিভাগৰ ইউ টিউব চেনেল আৰু ফে'চবুক পেজ যোগেও পোনপটীয়াকৈ প্ৰচাৰিত হ'ব।

July 24, 2025 8:24 PM

views 17

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত ‘গ্রীষ্মকালীন শিবিৰ’ সম্পৰ্কত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ২৬ জুলাই, শনিবাৰে নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত ‘গ্রীষ্মকালীন শিবিৰ’ সম্পৰ্কত এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজিত গ্রীষ্মকালীন শিবিৰৰ প্ৰাসংগিকতা সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা আৰু আন কেইগৰাকীমান অভিজ্ঞ ব্যক্তিয়ে অংশগ্রহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা পৰিস্মিতা দিহিঙীয়া আৰু অৰুণিমা গোস্বামীৰ৷

July 18, 2025 10:53 AM

views 26

অধ্যাপক তথা ইংৰাজী আৰু অসমীয়া ভাষাৰ জনপ্ৰিয় লেখক আৰুণি কাশ্যপৰ সৈতে আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক তথা ইংৰাজী আৰু অসমীয়া ভাষাৰ জনপ্ৰিয় লেখক আৰুণি কাশ্যপৰ সৈতে এটা কথোপকথন প্ৰচাৰ কৰিব। নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰিত হ'বলগীয়া এই কথোপকথনত লেখকগৰাকীৰ সৈতে অংশগ্রহণ কৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে।