September 21, 2025 11:55 AM

views 72

জুবিন গাৰ্গৰ জনপ্ৰিয়তা আৰু তেওঁৰ দেহাৱসানে আনি দিয়া শূন্যতা সম্পৰ্কত দৃষ্টিপাত অনুষ্ঠানত আলোচনা

গীতেৰে সৰ্বস্তৰৰ জনসাধাৰণৰ হৃদয় স্পৰ্শ কৰা জনগণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত সৃষ্টি হোৱা অপূৰণীয় শূন্যতাত অসমবাসীয়ে হাহাকাৰ কৰিছে। কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত জুবিন গাৰ্গৰ জনপ্ৰিয়তা আৰু তেওঁৰ দেহাৱসানে আনি দিয়া শূন্যতা সম্পর্কে আলোচনাত অংশ লৈ চিন্ময়ী গোস্বামীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে শিল্পীগৰাকী প্ৰতিভাৰে অসমৰ সাংগিতীক ক্ষেত্ৰত এজোপা বৰগছ সদৃশ আছিল। শিল্পীগৰাকীৰ প্ৰাক্তন ব্যৱস্থাপক জয়ন্ত বৰদলৈয়ে জুবিন গাৰ্গৰ শিল্পী জীৱনৰ আৰম্ভণিৰ সময়ছোৱাৰ কথা উল্লেখ কৰে। আই আই ...