May 25, 2024 12:07 PM

views 24

আজিৰ দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা কৰা হ'ব। এই অনুষ্ঠানত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান মুন্নাপ্ৰসাদ গুপ্তা অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্রতীম শৰ্মাই।

April 20, 2024 11:55 AM

views 16

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব সাংবাদিক গৌতম শৰ্মা আৰু জিতেন্দ্ৰ কুমাৰ চৌধুৰী। অনুষ্ঠানৰ আঁত ধৰিব মানস প্রতীম শৰ্মাই।

April 5, 2024 7:55 PM

views 29

কাইলৈ নিশা ৮.২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত লোকনির্ণয়-২০২৪’ শীৰ্ষক অনুষ্ঠান

♦ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত লোকনির্ণয়-২০২৪ শীৰ্ষক অনুষ্ঠান প্ৰচাৰ হ'ব। এই অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী আৰু মমতা মিশ্ৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই।

April 4, 2024 1:02 PM

views 65

ৰাজ্যত স্পৰ্শকাতৰ হিচাপে বিবেচিত ভোটকেন্দ্ৰসমূহত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছেঃ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেল

◊ ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নির্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সুক্ষ্মভাৱে তদাৰক কৰি আছে। নিৰ্বাচনত স্পৰ্শকাতৰ হিচাপে বিবেচিত হবলগীয়া ভোটকেন্দ্ৰসমূহত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে কেন্দ্ৰৰ ভিতৰে বাহিৰে চি এ পি এফ অর্থাৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নিয়োগ কৰা হ’ব। তদুপৰি ই ভি এ...